ETV Bharat / state

ৰাজপথত প্ৰতিবাদত কিয় নামিল বিজেপি সভাপতি! - কেব

বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়,কংগ্ৰেছে ৰাফেল সন্দৰ্ভত কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায় দলটোৱে,উল্লেখযোগ্য যে, ৰাফেল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দুদিন পূৰ্বে ৰায়দান কৰিছিল ৷

ৰাফেল যুদ্ধবিমান ক্ৰয় সন্দৰ্ভত বৰপেটা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী পালন
author img

By

Published : Nov 16, 2019, 7:51 PM IST

বৰপেটা, ১৬ নৱেম্বৰ: পুনৰ ৰাফেল বিমানৰ প্ৰসংগত সৰৱ হৈ পৰিছে বিজেপি দল ৷ সেয়ে শনিবাৰে বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ কংগ্ৰেছে ৰাফেল সন্দৰ্ভত কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায় দলটোৱে ৷ প্ৰতিবাদী সমদলটো বিজেপিৰ কাৰ্যালয়ৰ পৰা বৰপেটা চহৰৰ মাজেৰে গৈ ৰাজীৱ ভৱনৰ সন্মুখত ধৰ্ণা দিয়ে ৷ প্ৰতিবাদস্থলীত ৰাজ্যিক সভাপতি গৰাকীয়ে ৰাফেল সন্দৰ্ভত চমু ভাষণ প্ৰদান কৰে ৷ ৰাহুল গান্ধীৰ যদি তিলমানো লজ্জাবোধ আছে, তেন্তে ক্ষমা খুজিবলৈ দাবী জনায় সভাপতি দাসে ৷ লগতে ৰাফেলক লৈ কংগ্ৰেছে দেশৰ জোৱানসকলক অপমান কৰা বুলিও তেওঁ মন্তব্য কৰে ৷

ৰাফেল যুদ্ধবিমান ক্ৰয় সন্দৰ্ভত বৰপেটা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী পালন

ইপিনে কেব সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন, এৰাই চলিবলৈ চেষ্টা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ সংসদত কেব উত্থাপন হোৱাৰ পিছতহে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি দাসে মন্তব্য আগবঢ়ায় ৷ আনহাতে, কেব খিলঞ্জীয়া বিৰোধী হব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰণজিৎ দাসে 'মই হাইপ'থেটিকেল কথাত বিশ্বাস নকৰো' বুলি মতামত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, ৰাফেল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দুদিন পূৰ্বে ৰায়দান কৰিছিল ৷

লগতে চাওক:শিৱসাগৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'

Intro:

বৰপেটা, ১৬ নৱেম্বৰঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত আজি বৰপেটাত বিজেপিয়ে বিশাল প্ৰতিবাদী সমদল উলিয়াই ৰাফেল সন্দৰ্ভত কংগ্ৰেছে কৰা অপপ্ৰচাৰৰ প্ৰতিবাদ জনায় ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত আজি বিজেপিয়ে বৰপেটা জিলা বিজেপি কাৰ্যালয়ৰ পৰা বৰপেটা চহৰৰ মাজেৰে এটি বিশাল প্ৰতিবাদী সমদল উলিয়াই ৰাজীৱ ভৱনৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে ৷ Body:বৰপেটাৰ কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়নৰ প্ৰতিবাদস্থলীত অনুষ্ঠিত চমু প্ৰতিবাদী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে ভাষণ প্ৰদান কৰে ৷ ৰাহুল গান্ধীৰ যদি তিলমানো লজ্জাবোধ আছে তেন্তে নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ওচৰত ক্ষমা খুজিবলৈও দাবী জনায় ৰনজিৎ কুমাৰ দাসে ৷ ৰাফেলক লৈ কংগ্ৰেছে দেশৰ জোৱানসকলক অপমান কৰা বুলিও মন্তব্য কৰে বিজেপি সভাপতিগৰাকীয়ে ৷ প্ৰতিবাদী সমদলত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীক নিৰ্লজ ব্যক্তি বুলিও আখ্যা দি কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে দেশ বাসীৰ ওচৰত ক্ষমা খুজি প্ৰায়চিত্ত কৰাৰ দাবী কৰে বিজেপি সভাপতিগৰাকীয়ে ৷ ইপিনে কেব সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন এৰাই চলাৰ চেষ্টা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ ৷ কেবখন যিহেতু সংসদত উত্থাপনেই হোৱা নাই সেয়ে সংসদত উত্থাপন হোৱাৰ পিছতহে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ৰণজিৎ কুমাৰ দাসে ৷ কেব খিলঞ্জীয়া বিৰোধী হব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰণজিৎ কুমাৰ দাসে 'মই হাইপোফেটিকেল কথাত বিশ্বাস নকৰো' বুলি প্ৰকাশ কৰে ৷

Conclusion:বাইটঃ ৰনজিৎ কুমাৰ দাস ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.