ETV Bharat / state

নামনি অসমৰ ৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাক লৈ প্ৰতিবাদ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে বৃহস্পতিবাৰে প্ৰকাশ কৰা জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ বিপৰীতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰা নাই শিক্ষা বিভাগে ।

নামনি অসমৰ ৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাক লৈ প্ৰতিবাদ

author img

By

Published : Sep 17, 2021, 6:53 PM IST

বৰপেটা, জনীয়া, 17 ছেপ্তেম্বৰ : নামনি অসমৰ ৭ খন জিলাকে ধৰি ৰাজ্যৰ মুঠ ৯ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাৰ প্ৰতিবাদত বৰপেটাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ ৰাইজৰ দলৰ ৷

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে বৃহস্পতিবাৰে প্ৰকাশ কৰা জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ বিপৰীতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰা নাই শিক্ষা বিভাগে ।

লগতে পঢ়কঃ দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া কণ্ঠশিল্পী দীপলীনা ডেকাৰ

বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বাবেই পৰিকল্পিতভাৱে এনেকুৱা বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এনে ষড়যন্ত্ৰমূলক আৰু বৈষম্যমূলক সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে ৰাইজৰ দল আৰু যুৱ বলৰ নেতা-কৰ্মীসকলে বৰপেটা চহৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ইপিনে ৰাজ্য চৰকাৰে ষড়যন্ত্ৰমূলক আৰু বৈষম্যমূলক নীতি পৰিহাৰ কৰি উক্ত জিলা সমূহতো টেট পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবী জনায় ৰাইজৰ দলৰ মুখপাত্ৰ আশ্ৰাফুল ইছলামে ।

ইপিনে কলগাছিয়া চাৰিআলি চ'কত অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে কলগাছিয়া মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী সকলে । ৰাজ্যত হ’ব লগীয়া টেট পৰীক্ষাৰ বাবে বিভিন্ন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে বৰপেটা, ধুবুৰী, গোৱালপাৰাকে ধৰি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত 7 খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাৰ প্ৰতিবাদত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু হায় হায়, বৰপেটাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰক, অসমৰ প্ৰতিখন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰক, শিক্ষাক লৈ ৰাজনীতি বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

লগতে পঢ়কঃ কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.