জোনাই ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদত বুধবাৰে সন্ধিয়া ৫ বজাত জোনাইবাসী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম নিৰ্বিশেষে এক ৰাজহুৱা প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । জোনাইৰ অৰ্ধশতাধিক ৰাইজে অংগ্ৰহন কৰি উলিওৱা ৰাজহুৱা প্ৰতিবাদী সমদলটো জোনাই টাউন ক্লাৱৰ পৰা জোনাই বজাৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ অসম অৰুণাচল সীমান্ত ৰুকচিন চেক গেটত সামৰণি পৰে ।
বৰপেটা 11 ডিচেম্বৰঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডতো CAB বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ বুধবাৰে সন্ধিয়া বৰপেটাৰোডৰ বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে বৰপেটাৰোডৰ নাগৰিক সমাজে CAB ৰ বিৰোধিতা কৰি জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপিয়ে অনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসক সকীয়াই দি কয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে শাসনাধীস্থ চৰকাৰখনে ৷
আনহাতে, সৰভোগত বুধবাৰে সন্ধিয়া সৰভোগত শিল্পী-সাহিত্যিকৰ লগতে বিভিন্ন দল সংগঠন আৰু বৰনগৰীয়া ৰাইজৰ উদ্যোগত গণ হুংকাৰ ৷ গণ হুংকাৰ দিয়া প্ৰতিবাদী সমদলটোৱে সমগ্ৰ সৰভোগ নগৰ পৰিভ্ৰমণ কৰে ৷ ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি সোণোৱাল মুৰ্দাবাদ, মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ৰণজিৎ দাস গ' বেক ৰণজিৎ দাস দাস হায় হায়, আদি শ্ল'গানেৰে সৰভোগৰ পৰিৱেশ উত্তাল কৰি তোলে ৷