বৰপেটাৰোড, 21 মে’ : বৰপেটাৰোডত বৃহস্পতিবাৰে নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ কলহভাংগাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গঢ় লৈ উঠিছিল এই নাৰী দেহ ব্যৱসায়ীৰ ঘাটি ৷
উক্ত ঘাটিত অভিযান চলাই বাছেৰ আলী নামৰ এজন নাৰী দেহ ব্যৱসায়ীক আটক কৰাৰ লগতে ব্যৱসায়ীজনৰ পৰা এগৰাকী 15 বছৰীয়া কিশোৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ অৱশ্যে আন দুজন দেহ ব্যৱসায়ী আৰু আন বহুকেইজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷
আটকাধীন নাৰী দেহ ব্যবসায়ীজনৰ পৰা কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে কিছু সুৰাৰ বটলো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বাছেৰ আলীৰ ঘৰ হাউলীৰ জয়পুৰত বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, বৰপেটাৰোডৰ কলহভাংগাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দীৰ্ঘদিন ধৰি নাৰী দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ সেই মৰ্মে আৰক্ষীয়ে পূৰ্বে কেইবাবাৰো অভিযান চলাইছিল যদিও কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৷
নাৰী দেহ ব্যৱসায়ৰ এই চক্ৰত জড়িত মুখ্য গৰাকী জয়পুৰৰ আব্দুল আলিম বুলি জানিব পৰা গৈছে যদিও এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : বাইহাটাত আটক 4 ধৰ্ষণকাৰী