ETV Bharat / state

নাট মঞ্চস্থ কৰাক লৈ নিজৰ মাজতে মত-বিৰোধ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকৰ

author img

By

Published : Oct 31, 2021, 3:41 PM IST

ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত প্ৰায় 18 মাহ ধৰি বন্ধ হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰসমূহ পুনৰ মঞ্চস্থ কৰাৰ অনুমতি দিয়ে ৰাজ্য চৰকাৰে ৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশনাৰ পাছতেই এতিয়া বাক-বিতণ্ডাত লিপ্ত হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক ৷

Producer of mobile theatre involved in the debate over staging of plays
নাট মঞ্চস্থ কৰাক লৈ আৰ্ন্তঃদন্দত লিপ্ত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক

পাঠশালা, 28 অক্টোবৰ : ভ্ৰাম্যমাণ থিয়েটাৰৰ একাংশ প্ৰযোজকে সংবাদমেলযোগে নাট মঞ্চস্থ কৰি থকা একাংশ ভ্ৰাম্যমাণ থিয়েটাৰে চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনা উলংঘন কৰা বুলি উত্থাপন কৰা অভিযোগ নাকচ কৰিছে ভ্ৰাম্যমাণৰ আন একাংশ শিল্পী প্ৰযোজকে । চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ মাজেৰে বিগত ১৮ টা মাহে বন্ধ হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰে শেহতীয়াকৈ নাট মঞ্চায়ন কৰিছে বুলি দাবী কৰিছে এইসকল ।

অভিনেতা মৃদুল ভূঞা

সম্প্ৰতি নাট মঞ্চস্থ কৰি থকা এইসকল ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকে চৰকাৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা পালন কৰি স্থানীয় প্ৰশাসনৰ তত্বাবধানত নাট মঞ্চস্থ কৰাৰ কথা উল্লেখ কৰে । তেওঁলোকে ভ্ৰাম্যমাণ উদ্যোগটোক জীয়াই ৰাখিবলৈ এই দুৰ্যোগৰ সময়ত নাট মঞ্চস্থ কৰিবলৈ অহা ভ্ৰাম্যমান নাট্যদলসমূহক উৎসাহহে দিব লাগে বুলি উল্লেখ কৰি কেৱল সংবাদমেল আয়োজন কৰি দায়িত্ব সামৰিলে ক’ত হ’ব বুলি প্ৰশ্ন কৰে ।

এইসকল প্ৰযোজকে লগতে অসমত প্ৰায় সৰু বৰ ৫৬ টা নাট্যদলৰ ১১ টা নাট্যদলেহে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজত চৰকাৰে দিয়া সম্পূৰ্ণ SOP পালন কৰিহে নাট প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰে ৷ তেওঁলোকে লগতে এটা নাট্যদলত প্ৰায় ১০০ জন লোক থাকে আৰু এইসকলৰ পৰিয়ালৰ কথা ভাবি নাটসমূহ মঞ্চায়ন কৰিবলৈহে চৰকাৰে অনুমতি দিছে বুলি সদৰি কৰে । তেওঁলোকে লগতে ক’ভিড বিধি পালন কৰি সকলোকে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক চাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধাচৰণ একাংশ প্ৰযোজকৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.