জনীয়া, 12 এপ্ৰিলঃ লক ডাউনৰ বাবে খাদ্য সংকটত ভুগিবলগীয়া হৈছে বহু লোকে । এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ডত নাম নথকা ব্যক্তিক এহেজাৰ টকাকৈ এককালীল সাহাৰ্য বিতৰণৰ আঁচনি লোৱা পৰিলক্ষিত হৈছে । যি টকা বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যৰ বহু পঞ্চায়তত । এই সন্দৰ্ভত বৰপেটা জিলাৰ গাঁও পঞ্চায়ত সভাপতি সন্থাৰ সভাপতি আৰু কেইবা গৰাকী সভাপতিয়ে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰে । লক ডাউনৰ ফলত গাঁওসভা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ৱাৰ্ডৰ সদস্য আৰু সুলভ মূল্যৰ দোকানী সকলৰ জৰিয়তে সেই সাহাৰ্য পাবলগীয়া লোকৰ এখন তালিকা প্ৰস্তুত কৰা হৈছিল । যাৰ বাবে অনিচ্ছাকৃতভাৱে কিছু ভুল হোৱা বুলি উল্লেখ কৰে পঞ্চায়ত সভাপতি সন্থাৰ সভাপতি ইজাজ ৰহিমে । ইয়াৰোপৰি তেওঁ কয় যে, সাহাৰ্যৰ পৰা বঞ্চিত লোক সকলে পঞ্চায়ত সভাপতি সকলৰ বিৰুদ্ধে ভিন্ন সময়ত এজাহাৰ দাখিল কৰিছে । কিন্তু এজাহাৰৰ কোনো সত্যতা প্ৰমাণ নোহোৱাকৈ বা তদন্ত নকৰাকৈ প্ৰতিনিধি সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাটো বন্ধ কৰিব লাগে বুলিও চৰকাৰক আহ্বান জনায় সভাপতি গৰাকীয়ে ।
বৰপেটা জিলা গাঁও পঞ্চায়ত সভাপতি সন্থাৰ সংবাদমেল
দৰিদ্ৰ লোকক চৰকাৰী আঁচনি অনুসৰি এহেজাৰ টকাকৈ প্ৰদান কৰাৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পঞ্চায়তত সৃষ্টি হৈছে বিতৰ্কৰ । যাক লৈ আজি কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰে বৰপেটা জিলাৰ গাঁও পঞ্চায়ত সভাপতি সন্থাই ।