ETV Bharat / state

উত্তৰ-পূৱৰ ৰেলসংযোগ উন্নয়নৰ বাবে কেন্দ্ৰৰ ১০০ কোটি টকাৰ আঁচনি গ্ৰহণ - উত্তৰ পূবৰ ৰেলসংযোগ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ উদ্যোগ

বৰপেটাত কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবেৰ সংবাদমেল (Minister of State for Railways Raosaheb Dadarao Danve) ৷ উক্ত সংবাদমেল আয়োজন কৰি বৰপেটা জিলাৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

press meet of Raosaheb Dadarao Danve at Barpeta
বৰপেটাত ৰেল ৰাজ্যমন্ত্ৰী ৰাওচাহেব পাটিল ডানৱে'ৰ সংবাদমেল
author img

By

Published : Apr 19, 2022, 10:57 PM IST

বৰপেটা ১৯ এপ্ৰিল : সোমবাৰে বিভিন্ন কাৰ্যসূচীৰ সৈতে বৰপেটাত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবে (Minister of State for Railways at Barpeta)৷ উক্ত স্থানত উপস্থিত হৈ ৰে'লমন্ত্ৰীগৰাকীয়ে এক সংবাদমেল আয়োজন কৰি বৰপেটা জিলাৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত (press meet of Raosaheb Dadarao Danve at Barpeta) ৷

সংবাদমেলযোগে তেওঁ কয় যে, উত্তৰ-পূৱৰ ৰেলসংযোগ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ উদ্যোগ ৷ উত্তৰ-পূৱৰ ৰেলপথ উন্নয়নৰ বাবে ১০০ কোটিৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ ৷ উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ ৰাজধানীক ৰেলপথেৰে সংযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ১০০ কোটি টকাৰ আঁচনি ৷ নাগালেণ্ড, ত্ৰিপুৰাৰক ৰে'ল পথেৰে সংযোগৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৰে'ল ৷ নাগালেণ্ড আৰু ত্ৰিপুৰাৰ লগতে মিজোৰামৰ কিছু অংশৰ সৈতে পূৰ্বে নাছিল ৰেল সংযোগৰ ব্যৱস্থা ৷

নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৱৰ সকলো ৰাজ্যক ৰেলেৰে সংযোগ কৰাৰ বাবে লোৱা পদক্ষেপ হিচাপে সকলো ৰাজ্যক ৰেল পথেৰে সংযোগৰ বাবে পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰীগৰাকীৰ ৷

উত্তৰ-পূৱৰ ৰেলসংযোগ উন্নয়নৰ বাবে কেন্দ্ৰৰ ১০০ কোটি টকাৰ আঁচনি গ্ৰহণ

সত্ৰনগৰী বৰপেটা চহৰক ৰেলপথেৰে সংযোগৰ দাবী সম্পৰ্কত ৰেল কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷ অসমৰ পৰা দিল্লীলৈ উভতি গৈয়েই বঙাইগাঁৱৰ পৰা সত্ৰনগৰী বৰপেটাৰ মাজেৰে গুৱাহাটীলৈ নতুন ৰেলপথ নিৰ্মাণ সম্পৰ্কে আলোচনাৰ আশ্বাস প্ৰদান কৰিলে কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰীগৰাকীয়ে ৷

ইফালে বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Minister Ranjeet Kumar Dass at Barpeta), বিধায়ক ফনী তালুকদাৰৰ উপস্থিতিত বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয় ৰেল ৰাজ্যমন্ত্ৰীৰ সংবাদমেল ৷

ইপিনে বৰপেটাৰ বান, শিক্ষা, বাল্যবিবাহ, শিশুৰ মৃত্যু আদি সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কেও মন্তব্য কৰে ৰেল কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবেই ৷

লগতে পঢ়ক : GMC Election 2022: ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ বিকাশৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী শৰ্মাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.