বৰপেটাৰোড,11 অক্টোবৰ: দেশত কৃষি আইন 2020 গৃহীত হোৱাৰ পিছতে এই আইনৰ যোগাত্মক দিশটো ৰাইজৰ মাজলৈ লৈ যাবলৈ তৎপৰ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপি ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটাত দেওবাৰে কৃষি আইন 2020 সম্পৰ্কে এক বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়ো, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসৰ লগতে বহুকেইগৰাকী বিজেপি নেতা ৷ উক্ত সভাখনত বিজেপি নেতা-কৰ্মীসকলে এই আইনৰ সুযোগ লৈ ৰাজনীতি কৰাৰ সুবিধা গ্ৰহণ কৰা বুলি সমালোচনা কৰে ৷
লগতে চাওকঃ দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ