ETV Bharat / state

Pregnant woman beaten up: ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিত গৰ্ভৱতী মহিলাসহ একেটা পৰিয়ালৰ তিনিগৰাকী মহিলা আহত - Pregnant woman beaten up

মাটি-বাৰীক লৈ হোৱা কণ্ডলে ল’লে ভয়ংকৰ ৰূপ ৷ পৰিয়ালৰ সদস্যৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ’ল একেখন ঘৰৰে তিনিগৰাকীকৈ মহিলা (Conflict over land dispute in Kalgachia) ৷ ইয়াৰ মাজত আহত এগৰাকী অন্তঃসত্বা মহিলাৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে (Pregnant woman beaten up)৷

Three injured in beating over land related clashes
পৰিয়ালৰ লোকৰ প্ৰহাৰত তিনিগৰাকী আহত
author img

By

Published : Feb 4, 2023, 9:08 AM IST

পৰিয়ালৰ লোকৰ প্ৰহাৰত তিনিগৰাকী আহত

জনীয়া, 4 জানুৱাৰী: সৰ্থেবাৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Conflict over land dispute in Kalgachia) ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া নদীৰ পামত সংঘটিত ভয়ংকৰ মাৰপিটৰ ঘটনাত এগৰাকী গৰ্ভৱতীকে ধৰি তিনিগৰাকী মহিলা আহত হৈছে ৷ গৰ্ভৱতী মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 31 জানুৱাৰীত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া নদীৰ পাম গাঁৱত আশ্ৰাফুল আলী নামৰ এজন লোকৰ বাসগৃহত একেখন গাঁৱৰে তেওঁলোকৰ খুৰাকহঁতৰ এটা দলে আহি অতৰ্কিতে আক্ৰমণ কৰে (Kalgachia Beating Incident) ৷ আক্ৰমণকাৰী দলটোৱে বাসগৃহটোৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰাত আশ্ৰাফুলৰ দুই ভগ্নীয়ে ইয়াক লৈ বাধা প্ৰদান কৰাত দলটোৱে দুয়োগৰাকীকে নিৰ্মভাৱে প্ৰহাৰ কৰে ৷

ইয়াৰে আশ্ৰাফুলৰ এগৰাকী ভগ্নী ছানিয়াৰা বেগম দুমহীয়া অন্তঃসত্বা আছিল ৷ দলটোৱে ছানিয়াৰা বেগমক কাঠৰ বাটামেৰে শৰীৰৰ বিভিন্ন অংগত প্ৰহাৰ কৰাৰ লগতে কোবাই দুখন হাত আৰু এখন ভৰি ভাঙি পেলায় (Pregnant woman beaten up)। ইফালে লাকিয়াৰা বেগম নামৰ আনগৰাকী মহিলাকো খেদি খেদি প্ৰহাৰ কৰি ঘৰতে পেলাই থৈ যায় ৷ এই ঘটনাৰ সময়ত চুবুৰীয়া এঘৰত থকা আশ্ৰাফুলৰ মাতৃয়ে ঘৰলৈ আহি দলটোৰ আক্ৰমণ প্ৰত্যক্ষ কৰি বাধা দিবলৈ যাওতে তেওঁকো প্ৰহাৰ কৰে দলটোৱে ৷

আনহাতে এই সমগ্ৰ ঘটনাৰ কথা অৱগত হৈ ওচৰ চুবুৰীয়া লোকসকল সেই স্থানত উপস্থিত হয় যদিও কোনেও এই আক্ৰমণত বাধা আৰোপ কৰিবলৈ আগুৱাই নহা বুলি ভোক্তভোগী পৰিয়ালটোৰ সদস্যই জানিবলৈ দিয়ে ৷ পৰিয়ালটোৰ অভিযোগ, আক্ৰমণকাৰী দলটোৱে আক্ৰমণতে ক্ষান্ত নাথাকি আশ্ৰাফুলহঁতৰ ঘৰৰ বহু মূল্যৱান সামগ্ৰীকে ধৰি মাটিৰ কাগজ-পত্ৰ আদি লুট পাট কৰি লৈ যায় ৷ দলটোৱে নগদ ৭০ হাজাৰ টকা আৰু সোণৰ আ-অলংকাৰ লৈ যোৱাৰ লগতে পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে (Three injured in Beating Incident)।

এই সমগ্ৰ ঘটনাৰ কথা সেই সময়ত অনুপস্থিত আশ্ৰাফুলক ফোনযোগে ঘৰৰ কাষৰ এজন যুৱকে আৱগত কৰে (Beating Incident at Kalgachia) ৷ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই আশ্ৰাফুলে ততাতৈয়াকৈ ঘৰলৈ আহে যদিও তেওঁ আহি পোৱাৰ পূৰ্বেই ঘৰৰ মূল্যৱান সামগ্ৰীসমূহ লৈ দলটো উধাও হোৱা জনালে আশ্ৰাফুলে ৷

ইফালে আক্ৰমণৰ এই ঘটনাৰ পিছতেই আমিৰ হামজা নামৰ স্থানীয় এজন ব্যক্তিয়ে গুৰুকৰভাৱে আহত দুই ভগ্নীক প্ৰথমে সৰ্থেবাৰী আৰক্ষী থানালৈ নিয়ে যদিও আৰক্ষীয়ে দুয়োকে চিকিৎসাৰ বাবে সৰুক্ষেত্ৰী চি এইচ চি লৈ যায় । কিন্তু দুয়োৰে অৱস্থা সংকটজনক হোৱাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও সেই সময়ত চিকিৎসালয়খনত চিকিৎসক নথকাত কলগাছিয়াস্থিত বৰপেটা অসমৰিক চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰায় । ইতিমধ্যে গৰ্ভৱতী ছানিয়াৰা খাতুনৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

আশ্ৰাফুলে ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে । সেয়েহে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপি প্ৰাপ্য ন্যায় বিচাৰি আক্ৰমণৰ এই ঘটনাৰ লগত জড়িতৰ অভিযোগেৰে আক্কেছ আলী, বানিজ আলী, তমেজ আলী, শাহজামাল আলী আৰু ৱাজেদ আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে আশ্ৰাফুলৰ সম্বন্ধীয় খুৰাক তথা দুষ্কৃতিকাৰীৰ দলটোৱে দুই মাহৰ পূৰ্বে আশ্ৰাফুল ইছলামৰ ঘৰত অগ্নিসংযোগ কৰাৰো অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক: Operation against child marriage: শোণিতপুৰত বাল্য বিবাহৰ গোচৰত অভিযুক্ত ১৭ গৰাকী স্বামীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.