ETV Bharat / state

হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰী বৰপেটা

author img

By

Published : Mar 8, 2020, 5:03 PM IST

দেওবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুন্ঠপুৰী ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে উখল-মাখল সত্ৰনগৰী বৰপেটা ৷ চৌদিশে প্ৰতিধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ দৌল উৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে অনুষ্ঠিত "বাটে বাটে" হোলীগীত শীৰ্ষক প্ৰতিযোগিতা ৷

বৰপেটা
হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰী বৰপেটা

বৰপেটা ৮ মাৰ্চঃ সত্ৰনগৰী বৰপেটাৰ বাটে ঘাটে এতিয়া হোলীৰ উচাহ-উদ্দীপনা ৷ চৌদিশে ধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰীৰ আকাশ-বতাহ ৷ দেওবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুন্ঠপুৰী ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে দেওবাৰৰ পুৱাৰ পৰাই বৰপেটা সত্ৰত আৰম্ভ হৈছে এক উখল-মাখল পৰিবেশ ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে বৰপেটা সত্ৰত ৷ ইপিনে স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগিতা ৷

হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰী বৰপেটা

'বাটে বাটে হোলীগীত' শীৰ্ষক প্ৰতিযোগিতা উপভোগ কৰিবলৈ দেওবাৰে লোকে লোকাৰণ্য হৈ পৰে সত্ৰ নগৰী বৰপেটাৰ ৰাজপথ ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিচতেই এটাৰ পাচত আনটো দলে বাটে বাটে হোলীগীত গাই কৃষ্ণ প্ৰেমৰ বন্দনাৰে মুখৰিত কৰি তোলে বৰপেটা ৷ আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহন কৰে জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপ, নিৰ্মালী বাইলুং আৰু জনপ্ৰিয় কণ্ঠ শিল্পী গিতালী কাকতিয়ে ৷ ইয়াৰ পূৰ্বে বুঢ়াসত্ৰীয়াগৰাকীয়ে বৰপেটাৰ এনাজৰীয়ে প্ৰকাশ কৰি উলিওৱা 'বৰপেটাৰ দেউল' শীৰ্ষক এখন হোলী বিষয়ক সংকলন উন্মোচন কৰে ৷ ইপিনে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই বাৰ্দ্ধক্যকো নেওঁচি মনৰ উলাহ-আনন্দেৰে হোলীগীত গাই কৃষ্ণপ্ৰেমত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ৷

হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰী বৰপেটা

আৰু পঢ়কঃ জীৱন যুঁজত হাৰ নমনা এগৰাকী ব্যতিক্ৰমী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.