বৰপেটাৰোড, 21 নৱেম্বৰ: বাক্সাৰ শালবাৰীৰ শিয়ালমাৰীত শনিবাৰে ইউপিপিএল দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় দলটোৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বড়োৱে শিয়ালমাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমতো সেৱা লোৱাৰ পাছত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় ৷ ইউপিপিএলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে কটাক্ষ কৰি কয় যে, হাগ্ৰামাই কেতিয়াবা কয় বিজেপিৰ লগত বিপিএফৰ মিত্ৰতা আছে ৷ আকৌ কেতিয়াবা কয় যে ইউপিপিএলৰ লগত বিজেপিৰ মিত্ৰতা আছে ৷ হাগ্ৰামাই কেতিয়া কি কয় নিজেই নাজানে ৷ আমি ইউপিপিএল দল অকলেই আগবাঢ়ি আহিছোঁ আৰু অকলেই নিৰ্বাচন খেলিম ৷
ইউপিপিএলৰ সভাপতিগৰাকীয়ে লগতে কয় যে, কাৰোবাৰ লগত মিত্ৰতা হোৱা নোহোৱাটো আমাৰ বাবে চিৰিয়াছ মেটাৰ নহয় ৷ চিৰিয়াছ বিষয়টো হ’ল আমি হাগ্ৰামাক উৎখাত কৰিব লাগে ৷ হাগ্ৰামাই দিনত এটা কয় ৰাতি এটা কয় ৷ হাগ্ৰামাটো ফিল’ছফাৰ নহয় যে তেওঁৰ কথা শুনিব লাগে ৷ মহাত্মা গান্ধী, আব্দুল কালাম, চক্ৰেটিছৰ কথা শুনিব লাগে ৷ হাগ্ৰামা কোনো ব্ৰেণ্ড নহয় বুলি মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক: শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ