ETV Bharat / state

অগপ চৰকাৰৰ দিনত বানাক্ৰান্তই বানৰ 6 মাহ পাচতো পাইছিল বানসাহায্যঃ প্ৰফুল্ল মহন্ত - বানপিড়িতক সাহায্য দিবলৈ আহ্বান

বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে শুকুৰবাৰে বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ বৰপেটাত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটাৰ বান আক্ৰান্ত লোকে আশ্ৰয় লোৱা শিবিৰ পৰিদৰ্শন কৰে ৷

prafula kumar mahanta visited barpeta
prafula kumar mahanta visited barpeta
author img

By

Published : Jul 24, 2020, 8:00 PM IST

বৰপেটা, ২৪ জুলাইঃ শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ তেওঁ জিলাখনত উপস্থিত হৈ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷ লগতে তেওঁ মুখ্যমন্ত্ৰী হৈ থকা দিনত অসমৰ বানপীড়িত ৰাইজে বান পানীৰ সময়ৰ পৰা আৰম্ভ কৰি বান শেষ হোৱাৰ 6 মাহৰ পিচলৈ বান সাহায্য লাভ কৰি আছিল বুলি উল্লেখ কৰে ৷

অগপ চৰকাৰৰ দিনত বানাক্ৰান্তই বানৰ 6 মাহ পিচতো পাইছিল বানসাহায্যঃ প্ৰফুল্ল মহন্ত

বান পৰ্যবেক্ষণৰ পাচত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ ১৯৫০ চনৰ পৰাই অসমৰ ৰাইজে বান খহনীয়া সমস্যাৰ সন্মুখীন হৈ অহাৰ প্ৰসংগ উত্থাপন কৰে ৷ বান খহনীয়া সমস্যা সমাধনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহায় আগবঢ়াবলৈয়ো আহ্বান জনোৱাৰ লগতে কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰা সাহায্য পুঁজিৰে বানপীড়িতক সাহায্য দিবলৈ আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই ৷

prafula kumar mahanta visited barpeta
বৰপেটাত উপস্থিত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

আনহাতে ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ প্ৰসংগও উত্থাপন কৰি এইক্ষেত্ৰত সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ আহ্বান জনায় ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰ নেতাগৰাকীয়ে ৷ মহন্তই সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ লগতে নাগৰিকত্ব সংশোধনী আইনক লৈয়ো মন্তব্য কৰে ৷ অসম চুক্তিক অৱমাননা কৰা এই আইনৰ বিৰোধীতা কৰি যাব বুলি তেওঁ স্পষ্ট কৰে ৷

তাৰোপৰি নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন সম্পৰ্কে মন্তব্য কৰি অসমৰ সমস্যা আঞ্চলিক দলেহে সমাধান কৰিব পাৰিব বুলিও প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.