ETV Bharat / state

পথৰ মাজত জাল লৈ মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে প্ৰতিবাদ

গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ অভিনৱ প্ৰতিবাদ ৷ বৰপেটাৰ বৰভিঠা বজাৰৰ পৰা আপৰূপী বৰতাৰী সংযোগী পথটো দীৰ্ঘ দিনে জৰাজীৰ্ণ হৈ থকাত যাতায়াতৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলৰ ৰাইজৰ ৷ অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

Poor Road Condition At Jania Barpeta
বৰপেটাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jun 25, 2020, 4:46 PM IST

জনীয়া, 25 জুনঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিঠাৰ বিধ্বস্ত পথে জলা কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ৷ যাৰ বাবে অতিষ্ঠ হৈ স্থানীয় ৰাইজৰ লগতে জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত পথটোত দীৰ্ঘ দিনে প্ৰকাণ্ড-প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ বাবে এতিয়া জলা-কলা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে ৷

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিঠা গাঁও পঞ্চায়তৰ এলেকাৰ বৰভিঠা বজাৰৰ পৰা আপৰূপী বৰতাৰীলৈ সংযোগী পথটো এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ উক্ত পথটো মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতবোৰৰ বাবে ইতিমধ্যে দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আনকি এজাক বৰষুণ দিলেই স্কুললৈ যোৱাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকল । উক্ত ঘটনাত ক্ষুব্ধ হৈ বৰপেটা জিলা সংখ্যা লঘু ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে পথটোত সৃষ্টি হোৱা গাঁতত জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৰপেটাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

আনহাতে, বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামক ৰাইজে পথটো মেৰামতি কৰি দিবলৈ দীৰ্ঘ দিনৰ পৰাই আহ্বান জনাইছিল ৷ কিন্তু ৰাইজৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে স্থানীয় ৰাইজৰ লগতে সংগঠনটোৰ সদস্য সকলে ৷ তাৰোপৰি গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে সংখ্যালঘু ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে ৷ আনহাতে উক্ত পথটো যদি সাত দিনৰ ভিতৰত মেৰামতি নকৰে তেনেহলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়ক- গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.