বৰপেটাৰোড, ২৩ নৱেম্বৰ : নামনি অসমৰ হাউলী ৰাস মানেই যেন ঐতিহাসিক লটাৰী খেল (Howly Rash Lottery)। প্ৰতিবছৰে সকলোৰে দৃষ্টি নিবদ্ধ থাকে কোটি কোটি টকাৰ লটাৰী খেলখনত । লটাৰী খেলখনৰ বিশেষ আকৰ্ষণ হৈছে লাখ লাখ টকাৰ বাহন । প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে এখন বাহনৰ আশাত লটাৰী টিকট ক্ৰয় কৰে ।
সেই লটাৰী টিকটে কোনো কোনো লোকৰ ভাগ্যও সলনি কৰে । পূৰ্বেও বহু দৰিদ্ৰ লোকে টিকট ক্ৰয় কৰি বিলাসী বাহন লাভ কৰি বিলাসী বাহনৰ গৰাকী হৈছে । এইবাৰো তেনেদৰেই এই লটাৰীয়ে ভাগ্য সলনি কৰিলে এগৰাকী দৰিদ্ৰ কৃষকৰ ।
হাউলী ৰাস মহোৎসৱৰ লটাৰী টিকট ক্ৰয় কৰি মাত্ৰ ১০০ টকাৰ বিনিময়তে এগৰাকী দৰিদ্ৰ কৃষকে লাভ কৰিলে টাটা কোম্পানীৰ বিলাসী হেৰিয়াৰ বাহন (Poor farmer got Tata Harrier in lottery) ৷ লটাৰী খেলৰ তৃতীয় উপহাৰ লাভ কৰা ভাগ্যৱান কৃষকজন হৈছে হাউলীৰ সমীপৰ মাছুৱা গাঁৱৰ ননীৰাম বৰ্মন । অতি দৰিদ্ৰ কৃষক ননীৰাম বৰ্মনে টকা ধাৰত লৈ তেওঁৰ নাতি-নাতিনীক লগত লৈ হাউলীত ৰাসলৈ গৈছিল ৷ ৰাস চাবলৈ গৈ লটাৰী টিকট ক্ৰয়ৰ বাবে কাউণ্টাৰৰ দীঘলীয়া শাৰীত ৰৈ ৰৈ ২০০ টকাৰে দুটা টিকট ক্ৰয় কৰিছিল ননীৰাম বৰ্মনে ৷ সেই দুটা টিকটৰে এটাত কৃষকজনে লাভ কৰিলে বিলাসী বাহনখন ।
অৱশ্যে এনেদৰে লটাৰী খেলত তৃতীয় উপহাৰ স্বৰূপে বিলাসী বাহন লাভ কৰি যথেষ্ট আনন্দিত কৃষক ননীৰাম আৰু তেওঁৰ পৰিয়াল (Howly Rash lottery 3rd prize)। অৱশ্যে ননীৰামে লটাৰীত লাভ কৰা ১৫ লাখ টকীয়া বাহনখন বিক্ৰী কৰি নিজৰ ঘৰ নিৰ্মাণৰ লগতে খেতি কৰিবলৈ কিছু মাটি ক্ৰয় কৰিব বুলিও তেওঁ উল্লেখ কৰিছে । ইফালে ননীৰামে লটাৰীত বিলাসী বাহন লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে তেওঁ ঘৰত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । চুবুৰীয়া, আত্মীয়ই ভিৰ কৰিছে ননীৰামৰ ঘৰত ।
লগতে পঢ়ক :Howly lottery: বহুচৰ্চিত হাউলীৰ লটাৰী: ঘোষনা হ’ল ফলাফল