বৰপেটা, 17এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংক আৰু লক ডাউনৰ ফলত জুৰুলা হৈ পৰিছে এতিয়া ৰাজ্যবাসী ৷ এই মহামাৰীয়ে দৰিদ্ৰ লোকসকললৈ কঢ়িয়াই অনা ভীষণ সংকটে বৰ্তমান সময়ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছে সমাজৰ প্ৰতিগৰাকী হৃদয়বান লোকৰ অন্তৰ ৷ দুৰ্যোগৰ এই সময়ত প্ৰয়াত ডঃ ভূপেন হাজৰিকাৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক কালজয়ী গীতৰ দৰেই আগবাঢ়ি আহিছে বহুজন,আগবঢ়াইছে সহায়ৰ হাত ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল বৰপেটাৰ বহৰিত ৷ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ পত্নী দীপান্বিতা মুখাৰ্জী খানে বৃহত্তৰ বহৰি অঞ্চলৰ প্ৰতিখন গাঁৱৰ দিব্যাংগ,বৃদ্ধ আৰু দুখীয়া পৰিয়ালসমূহক ঘৰে ঘৰে গৈ বিতৰণ কৰিছে সাহাৰ্য সামগ্ৰী ৷ ইয়াৰ উপৰি সামাজিক দুৰত্ব বজাই ৰাখিহে বিহু পালন কৰিবলৈ আহ্বান জনায় সকলোকে ৷
লগতে পঢ়কঃ লক ডাউনঃ খাদ্য সংকটত ৰঙিয়াৰ নোনাপাৰবাসী ৰাইজ