জনীয়া, 31 ডিচেম্বৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চতলা-বৰজানা গাঁৱৰ ৰাস্তা আৰু এটা কালভাৰ্টে জলা-কলা খুৱাই আহিছে অঞ্চলটোৰ ৰাইজক ৷ গাঁও পঞ্চায়তৰ ধনেৰে নিৰ্মাণ কৰা মধুফল-বৰজানা সংযোগী পথৰ কালভাৰ্টটো বানপানীত ভাঙি যোৱাত বৰ্তমানেই ব্যাহত হৈ আছে জৰুৰীকালীন সেৱা লগতে সাধাৰণ যাতায়ত ব্যৱস্থা ।
উল্লেখ্য যে, অভয়াপুৰী, লেংটিছিঙা, কলগাছিয়া সংযোগী পথটোৰ এই কালভাৰ্টটো নিৰ্মাণ বাবে অঞ্চলটোৰ ৰাইজে আবেদন কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্ত়ৃপক্ষই ৷ গতিকে পুনৰ ৰাস্তাটোৰ লগতে এই কালভাৰ্টটো নিৰ্মাণৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক: বুধবাৰৰ পৰা আৰম্ভ 33তম গুৱাহাটী গ্ৰন্থমেলা