ETV Bharat / state

পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত পুখুৰীৰ নামতো দুৰ্নীতি ! - ১৮ নং মধ্য পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত

ৰাজ্য চৰকাৰে দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ কিন্তু ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে নিমূল হোৱা নাই দুৰ্নীতি তথা অনিয়ম ৷ বিশেষকৈ বিভিন্ন পঞ্চায়তত প্ৰায়বোৰ আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিভিন্ন অনিয়ম তথা দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Sacm allegation against xaru ketri gaon panchayat)৷ এইবাৰ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ১৮ নং মধ্য পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অধীনত দুটা পুখুৰী খন্দাক কেন্দ্ৰ কৰি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে ৷

Sacm allegation against xaru ketri gaon panchayat
পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত পুখুৰী খন্দাক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 3, 2022, 4:20 PM IST

বৰপেটা, ৩ জুন : পঞ্চায়ত মানেই যেন এতিয়া দুৰ্নীতিৰ ভূস্বৰ্গ । প্ৰায়বোৰ পঞ্চায়ততে এতিয়া আঁচনি ৰূপায়ণৰ নামত ব্যাপক লুন্ঠন চলাৰ বিভিন্ন অভিযোগ বহু সময়ত পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ বাদ পৰি ৰোৱা নাই বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ১৮ নং মধ্য পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তো (Sacm allegation against xaru ketri gaon panchayat)৷

পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত পুখুৰীৰ নামতো দুৰ্নীতি !

তথ্য অনুসৰি, বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ১৮ নং মধ্য পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অধীনত এমজিএনৰেগা আঁচনিৰ জৰিয়তে পাঁচটা ৰাজহুৱা পুখুৰী খন্দা হৈছিল ৷ এই পুখুৰী কেইটাৰ বাবদ প্ৰায় ৮৫ লাখ টকা ধাৰ্যও কৰা হৈছিল । আনকি বিভাগীয় নিয়ম অনুসৰি, ভকুৱাটেপাৰ ৰাইজৰ ফালৰ পৰা ম্যাদী মাটিৰ তথ্য পঞ্চায়তত দাখিল কৰিছিল ৷ সেই মৰ্মে আৱন্তিত হৈছিল পুখুৰী খন্দা আঁচনিৰ কাম ।

ভকুৱাটেপাৰ গাঁও পৰিচালনা সমিতিৰ সহযোগত খন্দা হ’ল পুখুৰীকেইটা । কিন্তু এতিয়া এই পুখুৰী খন্দাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ । পুখুৰীকেইটা খন্দাৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু গাঁও পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ এক উত্থাপন হৈছে ৷ এই অভিযোগ তৰিছে ভকুৱাটেপাৰৰ একাংশ ৰাইজে ।

লগতে পঢ়ক : ধুবুৰীৰ মাঝেৰচৰত পঞ্চায়ত আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ

উত্থাপিত অভিযোগ অনুসৰি, পুখুৰীকেইটা নিৰ্দিষ্ট ভূমিত খন্দা হোৱা নাই । বিভাগক দাখিল কৰা মাটিৰ দাগ নম্বৰৰ সলনি অন্য স্থানত আৰু সংৰক্ষিত ভূমিত পুখুৰী খন্দা হৈছে ৷ ইফালে ৰাইজৰ দখলত থকা গো ৰিজাৰ্ভতো দুটা গো পুখুৰী খন্দা বুলিও পৰিচালনা সমিতিয়ে স্বীকাৰ কৰিছে ।

Sacm allegation against xaru ketri gaon panchayat
পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত পুখুৰী খন্দাক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ লগতে এই পুখুৰীকেইটাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা নিৰপেক্ষ তদন্তৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে । অৱশ্যে প্ৰকৃততে কোন সচাঁ কোন মিছা এই সকলো চৰকাৰী তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷

কিন্তু পুখুৰী খন্দাৰ নামত হোৱা ভেকো-ভাওনা বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে । এই সন্দৰ্ভত সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ ভূমিকা হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : Corruption in Jania : নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগিল আঁচনিৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.