জনীয়া,১০ মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ বালি খনন অব্যাহত আছে (Illegal sand mining)। বৰপেটা জিলাত আৰক্ষীয়ে খেদি খেদি ধৰিলে এই খনন কাৰ্যত জড়িত লোকক । আৰক্ষীৰ পদক্ষেপক আদৰণি জনালে নৈপৰীয়া ৰাইজে ।
উল্লেখ্য যে অবৈধ বালি খননৰ বাবে প্ৰতিবছৰে লাখ লাখ লোক বান আৰু খহনীয়াৰ কৱলত পৰি আহিছে । বন বিভাগৰ অনুমতি অবিহনে খনন কাৰ্য চলোৱাৰ ফলত ইয়াৰ ফল ভোগ কৰিব লাগে সাধাৰণ ৰাইজে । অসমৰ বাকী জিলাসমূহৰ দৰে বৰপেটা জিলাৰো বিভিন্ন প্ৰান্তত এই অবৈধ বালি খনন অব্যাহত আছে । কলগাছিয়াৰ সুতিৰপাথাৰ গাঁৱৰ বেকী নৈৰ সমীপত বন বিভাগৰ আশীৰ্বাদত অবৈধ বালি খনন চলাৰ অভিযোগ উঠিছে ।
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰপাথাৰ গাঁৱত বালি মাফিয়াৰ দপদপনি দীৰ্ঘদিন ধৰি চলি আছে বুলিও ৰাইজে অভিযোগ কৰি আহিছে ৷ দিনে নিশাই বেকী নৈৰ নিচেই কাষতে চলাইছে এই বালি খনন ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত অৱশেষত সেই স্থানত উপস্থিত হয় কলগাছিয়া আৰক্ষী (Police operation against sand mafia)। আৰক্ষীক দেখাৰ লগে লগে খননস্থলীৰ পৰা একাংশ লোক পলায়ন কৰে ।
অৱশ্যে আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে এজনক (Sand mafia detained in Kalgachia)। আটকাধীন ছাদুল্লাই ট্রেক্টৰ লৈ পলাবলৈ চেষ্টা কৰিছিল । এতিয়া প্ৰশ্ন হয় কাৰ নেতৃত্বত বালি মাফিয়াই এনেদৰে চলাইছে বালিৰ অবৈধ খনন কাৰ্য ।
উল্লেখ্য যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱত মহুৰ উদ্দিন, ছালাম, কবাদ আলী, ছাদুল্লা, বাতিনুল আৰু আনোৱাৰে বিগত তিনি মাহ ধৰি বেকী নৈৰ পাৰত অবৈধ বালি খনন চলাই আহিছে বুলি অভিযোগ উঠিছে । লগতে ৰাইজে অভিযোগ কৰা মতে বালি খননত বাধা দিলে সাধাৰণ লোকক মৃত্যুৰ ভাবুকি দিয়ে মাফিয়াই ।
ইফালে খনন কাৰ্যই কলগাছিয়া ৰাজহ চক্ৰৰ সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱলৈ কঢ়িয়াই আনিছে বেকী নদীৰ গৰাখহনীয়াৰ তীব্র ভাবুকি । সেয়ে অতি শীঘ্ৰে এই অবৈধ বালি খনন বন্ধ কৰাৰ দাবী জনায় ৰাইজে । অন্যথা বাৰিষাত সুতিৰপাথাৰ আৰু আমগুৰি গাঁও বেকী নৈৰ বুকুত বিলীন হ'ব বুলিও দাবী কৰে স্থানীয় লোকে ।