ETV Bharat / state

Police attack AASU activists: আছু কৰ্মীক প্ৰহাৰৰ অভিযোগত সৰ্থেবাৰী থানা ঘেৰাও ৰাইজৰ

author img

By

Published : Jan 23, 2022, 4:37 PM IST

বৰপেটা জিলাৰ সৰ্থেবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । আৰক্ষীয়ে আছু কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে (Police attack AASU activists in Sarthebari)। ন্যায় বিচাৰি আছু কৰ্মী আৰু স্থানীয় ৰাইজে ঘেৰাও কৰিলে সৰ্থেবাৰী আৰক্ষী থানা ।

Police attack AASU activists
আৰক্ষীয়ে আছু কৰ্মীক প্ৰহাৰৰ অভিযোগত সৰ্থেবাৰী থানা ঘেৰাও

বৰপেটা,২৩ জানুৱাৰী : নগাঁও জিলাত প্ৰাক্তন আছু কৰ্মীক আৰক্ষীয়ে গুলীওৱাৰ ঘটনাক লৈ (Nagaon police encounter) সম্প্ৰতি সমগ্ৰ ৰাজ্যতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ইয়াৰ মাজেত বৰপেটা জিলাৰ সৰ্থেবাৰীত সংঘটিত হৈছে অনুৰূপ ঘটনা । সৰ্থেবাৰীৰ এগৰাকী আছু কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে (Police attack AASU activists in Sarthebari)।

উল্লেখ্য যে, শনিবাৰে বিয়লি সৰ্থেবাৰী থানাৰ পিছফালে ক্ৰিকেট খেলা আৰু কেইবাটাও অভিযোগত মনোজ দাস নামৰ আছু কৰ্মীক এগৰাকী আৰক্ষী জোৱানে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি বামুন পাকা গাঁৱৰ ১৬ বছৰীয়া আছুকৰ্মীজনক লোৰ ৰড, লাঠি আদিৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে জাকিৰ হুছেইন নামৰ আৰক্ষী জোৱানজনে ৷ আনকি আৰক্ষী জোৱানজনৰ প্ৰহাৰত চিকিৎসাধীন হ'বলগীয়া হয় আছু কৰ্মীজন ৷

আছু কৰ্মীৰ মাতৃক দুৰ্ব্যৱহাৰ কৰাৰ লগতে অশ্লীল গালি-গালাজ কৰাৰো অভিযোগ উত্থাপিত হৈছে আৰক্ষী জোৱানজনৰ বিৰুদ্ধে ৷ এই ঘটনাৰ পাছতে সমগ্ৰ সৰ্থেবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষীৰ বিৰুদ্ধে আছু আৰু সাধাৰণ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । ঘটনাৰ ন্যায় বিচাৰি নিশা সৰ্থেবাৰী থানা ঘেৰাও কৰে স্থানীয় ৰাইজ আৰু আছু কৰ্মীয়ে (AASU protest at Sarthebari police station)।

সৰ্থেবাৰী আৰু সৰুক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাংগ দে'ৰ নিলম্বনৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে । লগতে দোষী জোৱানজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে । ন্যায় নোপোৱা পৰ্যন্ত সৰ্থেবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে স্থানীয় আছুৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক :ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতা কীৰ্তিকমল বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.