জনীয়া, 2 মাৰ্চ: বুধবাৰে নিশা বৰপেটা জিলাৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত চৰিয়তপুৰ গাঁৱত চলিল আৰক্ষীৰ অভিযান ৷ গাঁওখনৰ মতিয়াৰ ৰহমান নামৰ লোকজনৰ ঘৰত অভিযান চলাই এগৰাকী যুৱতীকে ধৰি তিনিজনক আটক কৰিছে আৰক্ষীয়ে (Barpeta police arrested three persons) ৷
প্ৰাপ্ত তথ্য অনুসৰি বৰপেটাৰ বনবাহাৰ গাঁৱৰ এগৰাকী যুৱতী যোৱা দুদিন পূৰ্বৰে পৰা আছিলহি মতিয়াৰৰ ঘৰত । ইয়াৰ এদিন পাছত অৰ্থাৎ মঙ্গলবাৰে চিৰাঙৰ আওলাগুৰি পথাৰ গাঁৱৰ জচিম উদ্দিন নামৰ এজন যুৱকো আহে ঘৰখনলৈ ৷
ইফালে এক গোপন সূত্ৰৰ তথ্যৰ পম খেদি বালিকুৰী আৰক্ষীয়ে মতিয়াৰ ৰহমানৰ ঘৰত চলালে অভিযান ৷ মতিয়াৰ ৰহমান আৰু যুৱক-যুৱতী হালক আৰক্ষীয়ে আটক কৰাৰ লগতে সেই স্থানত তিনিও মিলি অবৈধ দেহ ব্যৱসায় কৰি অহা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে এক চাঞ্চল্যৰ । অঞ্চলটোত গোপনে এনে অসামাজিক কাম চলি থকা তথ্য ফাদিল হোৱাত আৰক্ষীক অধিক সক্ৰিয়তাৰে এইসমূহ উৎখাত কৰিবৰ বাবে স্থানীয় সচেতন লোকসকলে দনালে আহ্বান ৷
লগতে পঢ়ক: ইউক্ৰেইনত নিহত নবীনৰ বন্ধুৱে দিলে শিহণৰণকাৰী বৰ্ণনা