ETV Bharat / state

জনীয়াত হিতাধিকাৰীয়ে আজিও নাপালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

author img

By

Published : Jul 29, 2021, 8:51 PM IST

জনীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম । গৃহ নিৰ্মাণ নকৰাকৈ জনীয়া গাঁও পঞ্চায়তৰ বিষয়াসকলে মুকলি কৰি দিলে আৱণ্টিত ধন ।

pmay scheme scam
জনীয়াত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ নামত কেলেংকাৰী

জনীয়া, ২৯ জুলাই : প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ (Pradhan Mantri Awas Yojana) নামত পুনৰ কেলেংকাৰী সংঘটিত হৈছে অসমত । এইবাৰ কেলেংকাৰীৰ স্থান বৰপেটা জিলাৰ জনীয়া । অভিযোগ অনুসৰি গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে হিতাধিকাৰীক দিয়া হ'ল আঁচনিৰ সম্পূৰ্ণ ধন । জনীয়া গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদত হিতাধীকাৰীয়ে লাভ কৰিলে আঁচনিৰ সম্পূৰ্ণ ধন ।

বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টি তথা মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনীয়া গাঁও পঞ্চায়তত সংঘটিত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সন্দৰ্ভত অভিযোগ তুলি বিষয়টোৰ তদন্তৰ দাবী জনাইছে বিভিন্নজনে । তথ্য অনুসৰি, জনীয়া গাঁও পঞ্চায়তৰ ১ নং জনীয়া ৱাৰ্ডৰ আমেলা নামৰ এগৰাকী বিধৱাৰ গৃহ নিৰ্মাণত হৈছে এই ব্যাপক অনিয়ম । গৃহ নিৰ্মাণ নকৰাকৈ জনীয়া গাঁও পঞ্চায়তৰ বিষয়াসকলে মুকলি কৰি দিলে গৃহৰ আৱণ্টিত ধন ।

উল্লেখ্য যে, হিতাধিকাৰী আৰু পঞ্চায়তৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে গোপন বুজাবুজিৰে ধন মোকলাই দি চৰকাৰক বুঢ়া আঙুলি প্ৰদৰ্শন কৰাত সচেতন মহলৰ চকু কপালত উঠিছে ।

জনীয়াত হিতাধিকাৰীয়ে আজিও নাপালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনীয়া গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ আঁচনিৰ উদ্বোধন কৰিছিল পঞ্চায়তখনৰ সভাপতি ছাবেদ আলীয়ে । পিছে আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ নহ'ল উক্ত গৃহটোৰ । হিতাধিকাৰী আমেলাৰ জোঁৱাই মণিৰুল ইছলামে উদ্বোধনী ফলকখন ভাঙি নিজৰ পুৰণি ঘৰটোৰ একাংশত ৰং সানি আৱাসগৃহটো কাগজে-কলমে নিৰ্মাণ কৰা দেখুৱাই ধনখিনি সভাপতিৰ অনাস্থাৰ সুযোগ গ্ৰহণ কৰি মোকলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

গাঁও পঞ্চায়তৰ সদস্য ইক্ৰামুল তালুকদাৰ আৰু তন্ময় শৰ্মাই গৃহ নিৰ্মাণ নকৰাকৈ কেনেকৈ এই ধন মুকলি কৰি দিলে বুলি ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উদয় হৈছে । স্বয়ং গাঁও পঞ্চায়ত উন্নয়ন মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Ranjit Kumar Das) জিলাখনতে সংঘটিত হৈছে এনে নজিৰ বিহীন দুৰ্নীতি । যাৰ বাবে মন্ত্ৰীগৰাকীক এইক্ষেত্ৰত উচিত তদন্তৰে দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে । অৱশ্যে এইক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ভূমিকা লয় লক্ষণীয় হ'ব ।

লগতে পঢ়ক : বন্ধুৰ সৈতে মিলি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.