ETV Bharat / state

বৰপেটাত XYZ ৰ নামত সৰকালে কৃষক সন্মান নিধিৰ ধন

ৰাজ্যত সম্প্ৰতি পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা কৃষক সন্মান নিধিৰ নামত সংঘটিত ব্যাপক কেলেংকাৰীৰ তথ্য ৷ বৰপেটাৰ সুন্দৰীদিয়া গাঁও পঞ্চায়তত সভানেত্ৰীৰ অজ্ঞাতে একাংশই উলিয়াই নিলে কৃষকৰ প্ৰাপ্য ধন ৷ ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ দাবী পঞ্চায়ত সভানেত্ৰীৰ ৷

Pm sanman nidhi scam at barpeta etv bharat news
কৃষক সন্মান নিধিৰ ধন আত্মসাৎ
author img

By

Published : May 6, 2020, 1:26 PM IST

বৰপেটা, ৬ মে’ঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন আছিল কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ ৷ তাৰ বাবে মোডীয়ে মুকলি কৰিছিল কৃষক সন্মান নিধি নামে এক আঁচনি ৷ এই আঁচনিখনৰ জৰিয়তে প্ৰতিজন কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আৰ্থিক অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ পিছে কৃষকক আৰ্থিক অনুদান প্ৰদানৰ নামত বৰ্তমান ৰাজ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম তথা দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ প্ৰতিজন কৃষকে ৷

বৰপেটাতো এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে ৷ জিলাখনৰ সুন্দৰীদিয়া গাঁও পঞ্চায়তত কৃষক সন্মান নিধিৰ অন্তৰ্গত হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছত সংঘটিত দুৰ্নীতিৰ কথা পোহৰলৈ আহে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, মহাপুৰুষ মাধৱদেৱৰ স্থাপিত সুন্দৰীদিয়া সত্ৰ অঞ্চলত নাই এজনো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বাসিন্দা ৷ পিছে গাঁৱখনৰ এই আঁচনিৰ অধীনৰ হিতাধিকাৰীৰ তালিকাত প্ৰকাশ পায় প্ৰায় 1000 ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিৰ নাম ৷ কিন্তু কেনেকৈ এইসকল লোকে তালিকাত স্থান লাভ কৰিলে তাক লৈ বিভ্ৰান্তিত পৰিছে গাওঁবাসী ৷ ঘটনা সন্দৰ্ভত সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি আবেদন কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে ৷

কৃষক সন্মান নিধিৰ ধন আত্মসাৎ

উল্লেখ্য যে, সুন্দৰীদিয়াৰ হিতাধিকাৰীৰ তালিকাখনত ১৬২৬, ১৬২৭ আৰু ১৬২৮ নম্বৰত XYZ নামৰ তিনিজন হিতাধিকাৰীয়ে উলিয়াই নিয়ে কৃষক সন্মান নিধিৰ ধন ৷ আনহাতে, তালিকাখনত একেজন ব্যক্তিৰ নাম কেইবাবাৰো সন্নিৱিষ্ট থকা দেখিবলৈ পোৱা গৈছে ৷ মুঠতে সুন্দৰীদিয়াৰ লগতে বৰপেটাৰ বহু গাঁৱত বৰ্তমান প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃ বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.