ETV Bharat / state

হাউলীত জব্দ হস্তনিৰ্মিত পিষ্টল: আটক দুই যুৱক

author img

By

Published : May 27, 2021, 2:27 PM IST

বৰপেটাৰ হাউলীত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে হস্তনিৰ্মিত পিষ্টল ৷ লগতে আৰক্ষীয়ে আটক কৰে দুই যুৱকক ৷

হাউলীত জব্দ হস্তনিৰ্মিত পিষ্টল; আটক দুই যুৱক

বৰপেটা,27 মে’: কৰ’ণা ৰোধৰ বাবে ৰাজ্যৰ প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন তথা মিনি লক ডাউন ৷ তাৰ মাজতেই হাউলী আৰক্ষীৰ অভিযানত জব্দ এটা হস্তনিৰ্মিত পিষ্টল ৷ পিষ্টলসহ আৰক্ষীয়ে আটক কৰে আব্বাছ আলী নামৰ এজন যুৱকক ৷ আনহাতে, গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত মিজানুৰ ৰহমান নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি, গাড়ী চুৰি সংক্ৰান্তীয় এক অভিযোগত হাউলী আৰক্ষীয়ে কলগাছিয়াত অভিযান চলাই মিজানুৰ ৰহমানক গ্ৰেপ্তাৰৰ পিচতেই ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে হাউলীত আব্বাছ আলীক হস্তনিৰ্মিত পিষ্টলসহ গ্ৰেপ্তাৰ কৰে ৷

হাউলীত জব্দ হস্তনিৰ্মিত পিষ্টল

আনহাতে, লোক দুজনৰ পৰা পিষ্টলটোৰ উপৰিও এখন চুৰি, ৱেৰ কাটাৰ, স্ক্ৰু' ড্ৰাইভাৰসহ আন কেতবোৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰা হৈছে ৷ এই ঘটনাৰ পিচতেই বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা হাউলী থানাত উপস্থিত হৈ দুয়োজন অভিযুক্তকে জেৰা চলাই আছে ৷

ইফালে, দুই অভিযুক্ত গাড়ী চুৰিৰ লগতে ডকাইতি আৰু আন কেতবোৰ অপৰাধতো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: সৰভোগত দুস্প্ৰাপ্য কাছসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.