ETV Bharat / state

অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ - অসম জাতীয় পৰিষদ

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদত যোগদান কৰে একালৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকে ৷ শতাধিক সমৰ্থকেৰে সমদল কৰি পাঠকে যোগদান কৰে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদত ৷

অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ
অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ
author img

By

Published : Mar 18, 2021, 9:14 PM IST

নিউজ ডেস্ক,18 মাৰ্চ: ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ ঢাপলি মেলিলে একালৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকে ৷ বৃহস্পতিবাৰে ফণী পাঠকে যোগদান কৰে অসম জাতীয় পৰিষদত ৷ শতাধিক সমৰ্থকক লগত লৈ অসম জাতীয় পৰিষদত যোগদান কৰি আনন্দিত হৈ পৰে প্ৰাক্তন বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷ পাঠকক উষ্ম আদৰণি জনাই দলটোৰ নেতা-কৰ্মীসকলে ৷

অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ

দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰি ফণী পাঠকে কয় যে, অতি শীঘ্ৰে বিজেপিৰ বহু কৰ্মীয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত ৷ তদুপৰি বিজেপিৰ পৰা টিকট বিচাৰি প্ৰত্যাখ্যান হোৱা পাঠকে টিকট বিচৰাটো একো দোষ নহয় বুলিও মন্তব্য কৰে ৷

উল্লেখ্য যে,বহু আকাংক্ষিত গেৰুৱা দলটোৰ পৰা নিৰ্বাচনৰ টিকট লাভ নকৰি দলত্যাগ কৰে ফণী পাঠকে ৷

অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ
অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ

2011 চনত বিজেপিত অংশগ্ৰহণ কৰিছিল ফণী পাঠকে ৷ পৰৱৰ্তী পৰ্যায়ত বজালী জিলা বিজেপিৰ নেতৃত্ব লৈ জিলা সভাপতি পদত অধিষ্ঠিত হৈছিল পাঠক । পাঠকে ইয়াৰ পাচতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, দলীয় নেতৃত্ব আৰু সভাপতি ৰণজিৎ কুমাৰ দাসৰ প্ৰতি ক্ষোভিত হৈ নেতাজনে ভাৰতীয় জনতা পাৰ্টীৰ পৰা পদত্যাগ কৰে ৷

অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ
অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ

পাঠকৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ লগতে ধৰ্মপুৰৰ প্ৰাৰ্থী শিখৰ কুমাৰ শৰ্মা ৷

অন্য এক খবৰৰ বাবে: অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.