ETV Bharat / state

কলগাছিয়াত জৰাজীৰ্ণ পথে জলা কলা খুৱাইছে ৰাইজক

অঞ্চলটোলৈ কোনো এম্বুলেন্স নাইবা অগ্নিনিৰ্বাপক বাহন আহিব নোৱাৰে । ফলত কান্ধত তুলি চিকিৎসালয়লৈ অনা নিয়া কৰিব লগা হয় ৰোগী ।

People worried about poor condition of roads at Barpeta
কলগাছিয়াত জৰাজীৰ্ণ পথে জলা কলা খুৱাইছে ৰাইজক
author img

By

Published : Nov 9, 2020, 12:55 PM IST

কলগাছিয়া, 9 নৱেম্বৰ: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লীৰ পৰা সুতিৰপাথাৰলৈ যোৱা পথটোৰ বিগত বানৰ সময়ত কেইবা ঠাইত ভাঙি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছিল যদিও সম্প্ৰতি সাঁকোকেইখন জহি খহি গৈছে ।

কলগাছিয়াত জৰাজীৰ্ণ পথে জলা কলা খুৱাইছে ৰাইজক

অঞ্চলটোলৈ কোনো এম্বুলেন্স নাইবা অগ্নিনিৰ্বাপক বাহন আহিব নোৱাৰে । ফলত কান্ধত তুলি অনা নিয়া কৰিব লগা হয় ৰোগী। স্থানীয় জনপ্ৰতিনিধিসকলেও কোনো ধৰণৰ সহযোগিতা প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে স্থানীয় লোক ।

লগতে পঢ়ক : মৰাণত ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া দলীয় কৰ্মশালা সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.