ETV Bharat / state

বৰপেটাবাসীক গৃহবন্দী হৈ থকাৰ আহ্বান উপায়ুক্তৰ - corona virus latest news

দিল্লীৰ নিজামউদ্দিন দৰগাহত অংশ লোৱা লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ দেশ জুৰি বিয়পি পৰাৰ পাচতে ৰাজ্যত এতিয়া তৎপৰ হৈছে প্ৰশাসন তথা স্বাস্থ্য বিভাগ ৷ এই জামাতত অংশ ল'বলৈ গৈছিল বৰপোটাৰো একাংশ লোক ৷ সেয়ে বৰপেটাৰ লোকসকলক ঘৰতে থাকিবলৈ আহ্বান জিলা উপায়ুক্তৰ l যি কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু বৰপেটা জিলা প্ৰশাসন l

borpeta district administration
borpeta district administration
author img

By

Published : Apr 1, 2020, 3:02 PM IST

পাঠশালা, ১ এপ্ৰিল : সমগ্ৰ বিশ্বত ক'ৰণাক কেন্দ্ৰ কৰি যি সময়ত আতংক অব্যাহত আছে, তাৰ মাজতে ভাৰতত অনুষ্ঠিত এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰা লোক কৰ'ণাত মৃত্যু হোৱাৰ খবৰে তোলপাৰ লগাইছে দেশত ৷ ইয়াৰ প্ৰভাৱ পৰিছে অসমতো ৷ কিয়নো তবলিগ-ই-জামাতত অংশ ল'বলৈ গৈছিল অসমৰ একাংশ লোক ৷ তাৰোপৰি গুৰুত্বপূৰ্ণ কথা যে, এই তবলিগত অংশ লৈ ঘূৰি অহা কৰিমগঞ্জৰ এজন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে ৷ এই ঘটনাই অধিক চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক ৷ অসমৰ যিসমূহ অঞ্চলৰ পৰা এই জামাতলৈ লোক গৈছিল, সেইলোক সকলক চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে ৷

বৰপেটা বাসীক গৃহবন্দী হৈ থকাৰ আহ্বান উপায়ুক্তৰ

ইতিমধ্যে নিজামউদ্দিনৰ জামাতৰ সৈতে সাঙুৰ খাই পৰিছে বৰপেটা জিলাৰ নাম l তেনে ক্ষণতে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই মঙলবাৰে আবেলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে l সাম্ভাৱ্য ভাইৰাছ কঢ়িয়াই আনি সচেতন নোহোৱাকৈ ঘূৰি ফুৰা সন্দেহজনক ব্যক্তি ইতিমধ্যে বিচাৰি আছে জিলা প্ৰশাসনে l তদুপৰি জিলাখনত সন্দেহজনক 6 টা কৈ পৰীক্ষা নিগেটিভ পোৱা গৈছে যদিও যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু জিলা প্ৰশাসন আৰু স্বাস্থ্যবিভাগ l আনহাতে জিলাখনত 1674 গৰাকী এতিয়াও কোৱাৰেণ্টাইন হৈ আছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে l ইয়াৰ লগতে বৰপেটাবাসীক ঘৰৰ ভিতৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে উপায়ুক্ত গৰাকীয়ে l তদুপৰি এনে পৰিবেশত জিলাবাসীক অত্যাৱশকীয় সকলো সামগ্ৰী যোগান ধৰা হ'ব বুলিও উপায়ুক্ত গৰাকীয়ে আশ্বাস প্ৰদান কৰে l

লগতে পঢ়ক : কোভিড 19ঃসমগ্ৰ ৰাজ্যত লক ডাউনৰ অষ্টম দিনৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.