ETV Bharat / state

মাস্ক পৰিধান নকৰাৰ লোকক জৰিমনা: কলগাছিয়াত উত্তেজনা

author img

By

Published : Apr 24, 2021, 10:21 PM IST

ক'ভিড প্ৰট’কল অমান্য তথা চৰকাৰী নীতি-নিৰ্দেশনা মানি নচলা একাংশ লোকৰ ওপৰত কঠোৰ হৈছে কলগাছিয়া প্ৰশাসন । ক’ৰণা সংক্ৰমণক লৈ কলগাছিয়া আৰক্ষী আৰু চক্ৰ বিষয়াৰ তৎপৰতা । মাস্ক নিপিন্ধাক কেন্দ্ৰ কৰি জৰিমনা বিহাক লৈ উত্তপ্ত পৰিস্থিতি ৷

কলগাছিয়াত মাস্ক পৰিধান নকৰাৰ লোকক জৰিমণা

জনীয়া, 24এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটা জিলাতো দিনকে দিনে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ তাৰ মাজতে ক'ভিড প্ৰট’কল অমান্য তথা চৰকাৰী নীতি-নিৰ্দেশনা মানি নচলা একাংশ লোকৰ ওপৰত কঠোৰ হৈছে কলগাছিয়া প্ৰশাসন । মাস্ক পৰিধান নকৰা সকলক চক্ৰ বিষয়া দীপাংকৰ কলিতাৰ উপস্থিতিত আৰক্ষীয়ে বিহিছে জৰিমনা ।

ইফালে এজন মটৰ চাইকেল আৰোহীক জৰিমনা বিহাক কেন্দ্ৰ কৰি পুলিচে মটৰ চাইকেল আৰোহী জনৰ পকেটত হাত দিয়াৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একেদৰে আৰক্ষীয়ে ক’ভিড নীতি নমনা সকলৰ পৰা জৰিমনা লৈ আছে যদিও আৰক্ষীয়েও সামাজিক দূৰত্ব বজাই নৰখাত একাংশ ৰাইজে সমালোচনা কৰিছে ।

উল্লেখযোগ্য যে, দেশব্যাপী ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ৰণা মহামাৰীক প্ৰতিহত কৰিবলৈ আৰু ৰাইজক সজাগ কৰিবলৈ প্ৰশাসন তথা চৰকাৰে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো একাংশই ক'ভিড প্ৰট’কল অমান্য কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.