ETV Bharat / state

ভগ্ন মথাউৰিক লৈ দুঃশ্চিন্তাত সৰ্থেবাৰী ৰাজহ চক্ৰৰ ৬০খন গাঁৱৰ ৰাইজ

সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নসত্ৰস্থিত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি ৬০খন গাঁৱৰ কৃষক ৰাইজ বানৰ আশংকাত ৷ গাওঁকেইখনৰ কাষত আছে দুখনকৈ নদী, পিছে নাই মথাউৰি ৷

author img

By

Published : May 31, 2021, 10:28 PM IST

people-in-60-village-of-sarthebari-revenue-cycle-worried-about-broken-mathauri
ভগ্ন মথাউৰিক লৈ দুশ্চিন্তাত সৰ্থেবাৰী ৰাজহ চক্ৰৰ ৬০খন গাঁৱৰ ৰাইজ

বৰপেটা, ৩১ মে': সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নসত্ৰস্থিত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি ৬০খন গাঁৱৰ কৃষক ৰাইজৰ লগতে সাধাৰণ জনতা পুনৰ বানৰ আশংকাত অতিবাহিত কৰিছে দিন । বাৰিষা সমাগত । বাৰিষা আহিলেই বুকু কঁপে গঞাৰ । কিয়নো গাওঁকেইখনৰ কাষত আছে দুখনকৈ নদী, পিছে নাই মথাউৰি ।

বুঢ়াদিয়াৰ লগতে টিহু নদীৰ দক্ষিণ পাৰৰ মথাউৰি কেইবাঠাইতো ছিঙি উন্মুক্ত হৈ আছে দুয়োখন নদী । পানীৰ ঢল আহিলেই বিগত বছৰবোৰৰ দৰে এইবাৰো প্লাবিত হ'ব কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি ৬০খন গাঁৱৰ ৰাইজ । নষ্ট হৈ পৰিব হাজাৰ হাজাৰ বিঘা ধানখেতি ।

বিগত কেইবাবছৰ ধৰি উন্মুক্ত হৈ আছে টিহু আৰু বুঢ়াদিয়া নদীৰ দক্ষিণ পাৰৰ মথাউৰি । বুঢ়াদিয়া আৰু টিহু নদীৰ বানে তচনচ কৰা মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ বিভাগৰ কোনো তৎপৰতা নোহোৱাত পুনৰ দুঃশ্চিন্তাত দিন অতিবাহিত কৰিব লগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ সাধাৰণ জনতা ।

বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ ভগ্ন মথাউৰি নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে তৎপৰ হৈ পৰিছে । পিছে সততে মাহী আইৰ চকুৰে চোৱা ঐতিহাসিক সৰ্থেবাৰীৰ ৬০ খন গাঁৱৰ দুৰ্দশাৰ কথা ভাবিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহৰি হ'ব নে ? সৰ্থেবাৰী অঞ্চলৰ ৬০ খন গাঁৱৰ ৰাইজ বানৰ আশংকাৰ পৰা মুক্ত কৰাৰ বাবে মন্ত্ৰী পিযুষ হাজৰিকাই বুঢ়াদিয়া আৰু টিহু নদীৰ প্ৰায় পাঁচ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ? সেয়াই হৈছে এতিয়া সাধাৰণ গঞাৰ লাখ টকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: কা’ কাৰ্যকৰী কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলো: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.