পাঠশালা,31 মে': বাৰিষা অহাৰ লগে লগে সংকিত হৈ পৰিছে ভৱানীপুৰ সমষ্টিৰ কাটলা পথাৰ গাঁৱৰ ৰাইজ ৷ কিয়নো বিগত বছৰৰ বানে কাটলা পথাৰ গাঁৱৰ 3 টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে পহুমৰা নদীৰ বুকুত বৃহৎ অঞ্চলটোৰ বহু খেতি মাটি জাহ যোৱাত এইবেলিও সংকিত হৈ পৰিছে গাঁওবাসী ৷ সেয়েহে গৰাখহনীয়া ৰোধৰ বাবে দেওবাৰে নিজৰ হাতৰ ধন ভাঙি হাতে হাতে দা-কোৰ লৈ ওলাই আহিল নৈ পৰীয়া ৰাইজ ৷
বিগত প্ৰায় এটা বছৰে জন প্ৰতিনিধি আৰু চৰকাৰক গাঁওখনৰ সমস্যা সমাধানৰ বাবে অনুৰোধ জনাই আহিছিল যদিও কোনো সঁহাৰি লাভ নকৰিলে ৰাইজে । যাৰ ফলত কাটলা পথাৰ গাঁৱৰ ৰাইজে নিজে বাহৰ পাৰ্কুপাইন দি কেইবা ঠাইত শ্ৰমদান কৰি পহুমাৰা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক: পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন