কলগাছিয়া, 14 জানুৱাৰী : আজি ভোগৰ উৎসৱ ভোগালী বিহু ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসূয়া অপ্ৰীতিকে ধৰি ক’ভিডৰ দৰে মহামাৰীৰ দূৰ হোৱাৰ কামনাৰে সকলোৱে অগ্নি দেৱতাক কৰিলে সেৱা (People celebrating Bhogali Bihu in Assam) ৷ সমান্তৰালভাৱে কলগাছিয়াতো পালন কৰা হৈছে ভোগৰ উৎসৱ ভোগালী (People celebrating Bhogali Bihu at Kalgachia) ৷
আজি ৰাতিপুৱা কলগাছিয়া ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত 6 বজাৰ বন্তি প্ৰজলনৰ পাছত 7 বজাত সকলো ৰীতিনীতি মতে মেজি প্ৰজলন কৰা হয় ৷ কলগাছিয়া ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত হোৱা এই কাৰ্যসূচী অনুযায়ী মেজি প্ৰজলন কৰে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উম প্ৰকাশ তেৱাৰীয়ে ৷
দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা এই ভোগালী বিহু উদযাপনৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে ভোগালী মেজিৰ জুয়ে অসমৰ অপশক্তি নাশ কৰাৰ কামনা কৰে পৰিচালনা সমিতিৰ লগতে সচেতন ৰাইজে ৷
লগতে পঢ়ক : আজি ভোগৰ উৎসৱ ভোগালী বিহু