ETV Bharat / state

হাউলীৰ বিচমিল্লাহ ধাবাত উদ্ধাৰ 170 বস্তা চোৰাং চাউল - বাংলাদেশ

ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীয়ে সন্ত্ৰাস চলাই থকাৰ সময়তে বৃহস্পতিবাৰে বৰপেটা জিলাত এক বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ কৰা হয় ৷ বৰপেটাৰ হাউলীত আৰক্ষীৰ সহযোগত জিলা প্ৰশাসনে অভিযান চলাই জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (PDS) বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷ হাউলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিছমিল্লাহ ধাবাত অভিযান চলাই জিলা প্ৰশাসনে জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ১৭০ বস্তা চাউল ৷

PDS RICE RECOVERD IN BARPETA HOWLY
হাউলীৰ বিচমিল্লাহ ধাবাত উদ্ধাৰ 170 বস্তা চোৰাং চাউল
author img

By

Published : Jul 23, 2020, 10:47 PM IST

বৰপেটা, 23 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীয়ে সন্ত্ৰাস চলাই থকাৰ সময়তে বৃহস্পতিবাৰে বৰপেটা জিলাত এক বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ কৰা হয় ৷ বৰপেটাৰ হাউলীত আৰক্ষীৰ সহযোগত জিলা প্ৰশাসনে অভিযান চলাই জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (PDS) বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷

হাউলীৰ বিচমিল্লাহ ধাবাত উদ্ধাৰ 170 বস্তা চোৰাং চাউল

তথ্য অনুসৰি, হাউলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিছমিল্লাহ ধাবাত অভিযান চলাই জিলা প্ৰশাসনে জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ১৭০ বস্তা চাউল ৷ হাউলী আৰক্ষী আৰু যোগান বিভাগৰ সহযোগত বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত সব্যাসাচী কাশ্যপ আৰু নৱজিৎ পাঠকৰ নেতৃত্বত বিছমিল্লাহ ধাবাত অভিযান চলাই চোৰাং চাউলৰ বস্তাসমুহ জব্দ কৰে ৷ ইপিনে ধাবা খনৰ পৰা বস্তা চিলাই কৰা মেচিন এটাও জব্দ কৰে প্ৰশাসনে ৷

জানিব পৰা মতে,ধাবাখনত গোপনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বস্তা সমুহৰ লেবেল সলনি কৰি নতুনকৈ চিলাই কৰি থোৱা হৈছিল ৷ চাউলৰ এই চোৰাং ব্যৱসায়ৰ সতে জড়িত দুই ব্যৱসায়ী নজৰুল ইছলাম আৰু আমজাদ হুছেইন সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,বৰপেটাত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল মেঘালয়ৰ লগতে বাংলাদেশলৈয়ো চালান হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক : কৰিমগঞ্জত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.