ETV Bharat / state

বিটিএডিত অবড়ো সভাত অথন্তৰ! বিকৃত ৰূপত পৰিৱেশন হ'ল জাতীয় সংগীত - Pathshala BTAD new political party and BTAD Army formation meeting : BTAD Jatiya Sangeet sang very bad

পাঠশালাত অনুষ্ঠিত বিটিএডিত নতুন ৰাজনৈতিক ৰাজনৈতিক দল গঠনৰ সভাত বিকৃত ৰূপত পৰিবেশন হ'ল জাতীয় সংগীত ৷ এই কাৰ্যত লজ্জিত হৈ ক্ষমা বিচাৰে সাংসদ নব শৰণীয়া তথা অবড়ো নেতা ব্ৰজেন মহন্তই ৷

লজ্জানত বিটিএডি ! বিকৃতভাৱে পৰিৱেশন হ'ল জাতীয় সংগীত
author img

By

Published : Sep 22, 2019, 11:55 PM IST

Updated : Sep 25, 2019, 5:14 PM IST

পাঠশালা, 22 চেপ্তেম্বৰ : পাঠশালাৰ আজাদ ভৱন প্ৰাংগনত দেওবাৰে অনুষ্ঠিত বিটিএডিত নতুন ৰাজনৈতিক ৰাজনৈতিক দল গঠনৰ সভাত বিকৃত ৰূপত পৰিবেশন হ'ল জাতীয় সংগীত ৷ মঞ্চত অত্যন্ত বেসুৰীয়াকৈ পৰিবেশন কৰা হ'ল জাতীয় সংগীত ৷ অবড়ো নেতা মফিদুল আহমেদ ৰ নেতৃত্বত পৰিবেশন হৈছিল জাতীয় সংগীতটো ৷ এই লজ্জাজনক কাৰ্যৰ বাবে সংবাদ মাধ্যমৰ আগত ক্ষমা বিচাৰে অনুষ্ঠানটোত উপস্থিত থকা সাংসদ নৱ শৰণীয়া তথা অবড়ো নেতা ব্ৰজেন মহন্তই ৷ হাতত মাইক্ৰফ'ন থকা ব্যক্তি জনৰ ভুলৰ বাবেই এনে হোৱা বুলি মন্তব্য কৰে নেতা দুজনে ৷

লজ্জানত বিটিএডি ! বিকৃতভাৱে পৰিৱেশন হ'ল জাতীয় সংগীত

উল্লেখযোগ্য যে, এই সভাত নব শৰণীয়াৰ নেতৃত্বত গঠন কৰা হয় বিটিএডি আৰ্মি আৰু একেলগে ৰাজনৈতিক দল হিচাপে গঠন কৰা হয় গণ সুৰক্ষা পাৰ্টী, অসম ৷ এই সন্দৰ্ভত অবড়ো ঐক্য মঞ্চৰ নেতা ব্ৰজেন মহন্তই কয় যে, বিটিএডি আৰ্মি কোনো সসস্ত্ৰ সংগঠন নহয় ৷ বিটিএডি আৰ্মি হৈছে বিটিএডিৰ শোষিত অবড়ো লোকৰ দুখ দুৰ্দশা আৰু বিপদৰ সময়ত মাত মাতিব পৰা এটা সংগঠন ৷ আনহাতে বিটিএডি আৰ্মি গঠন হোৱাৰ পিছতে আজি ইতিহাস সৃষ্টি কৰি নব শৰণীয়াৰ নেতৃত্বত একেখন মঞ্চতে গণ সুৰক্ষা পাৰ্টী, অসম নামেৰে ৰাজনৈতিক দলটো গঠন কৰা হয় ৷ 21 জনীয়া কৰ্ণধাৰ সমিতিৰে গঠন হ'বলগীয়া দলটোৰ সভাপতি হিচাপে সাংসদ নব কুমাৰ শৰণীয়াক বাচনি কৰা হয় ৷ অনাগত সময়ত অবড়ো নেতা সকলে এই ৰাজনৈতিক দলৰ পৰাই বিটিএডি ৰ পৰিষদীয় নিৰ্বাচন আৰু বিধান সভাত নিৰ্বাচন খেলিব বুলি জানিবলৈ দিয়ে ৷ এই সিদ্ধান্তৰ পৰিণতিত আগন্তুক বিটিচি নিৰ্বাচনত যে বিপিএফ তথা হাগ্ৰামা মহিলাৰিক উৎখাত কৰি অবড়োৰ নেতৃত্বত যে গণ সুৰক্ষা পাৰ্টীয়ে বিটিএডি দখল কৰিৱ সেয়া নিশ্চিত বুলি হুঙ্কাৰ প্ৰদান কৰে নব কুমাৰ শৰণীয়াই ৷

Intro:Pathsala o boro program

পাঠশালা ত গঠন হল বিটিএডি আৰ্মি ll

একেলগে গঠন হল গণ সুৰক্ষা পাৰ্টী, অসম ll

বিটিএডি ৰ পৰা হাগ্ৰামা ক উৎখাত কৰাৰ হুংকাৰ Body:Pathsala o boro program

পাঠশালা, ২২ চেপ্তেম্বৰ: বিটিএডিৰ পৰিষদীয় নিৰ্বাচন চমু চাপি অহাৰ লগে নৱ শৰণীয়াৰ নেতৃত্বত অবড়ো সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আৰম্ভ হৈছে বিটিএডি ৰ পৰা হাগ্ৰামা হাটাও অভিযান l সেই লক্ষ্য আগত ৰাখি অাজি পাঠশালাৰ আজাদ ভৱন প্ৰাংগনত অনুষ্ঠিত সমাবেশত অাজি নব শৰণীয়াৰ নেতৃত্বত গঠন কৰা হয় বিটিএডি আৰ্মি অাৰু অাৰু একেলগে ৰাজনৈতিক দল হিচাপে গঠন কৰা হয় গণ সুৰক্ষা পাৰ্টী, অসম l সেই অনুসাৰে অাজি পাঠশালা ৰ আজাদ ভৱনত অবৰো ঐক্য মঞ্চ ৰ নেতা ব্ৰজেন মহন্ত ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত তথা প্ৰায়বোৰ অবড়ো সংগঠনৰ সহমতত বিটিএডি ৰ অনা বড়ো লোকৰ সুৰক্ষাৰ স্বাৰ্থত গঠন কৰা হয় বিটিএডি আৰ্মি l এই সন্দৰ্ভত ব্ৰজেন মহন্ত ই জানিবলৈ দি কয় যে বিটিএডি আৰ্মি কোনো সহস্ত্ৰ সংগঠন নহয় অাৰু বিটিএডি ৰ শোষিত অবড়ো লোকৰ দুখ দুৰ্দশা অাৰু বিপদৰ সময়ত মাত মাতিব পৰা এটা সংগঠন l সম্প্ৰতি বিটিএডি ৰ কোকোৰাঝাৰ, ওদালগুৰি, বাকচা অাৰু চিৰাঙ এই চাৰিখন জিলা ধৰি প্ৰতি খনত পাচঁ হাজাৰ কৈ সদস্য ভৰ্ত্তি কৰি সৰ্বমুঠ 20 হাজাৰ সদস্য ৰে সংগঠন মজবুত কৰা হব l আনহাতে অতি শীঘ্ৰেই এই সদস্য সংখ্যা ৫০ হাজাৰ লৈ বৃদ্ধি কৰা হব l প্ৰায় সহস্ৰাধিক লোকৰ সমুখত লোৱা এনে ঐতিহাসিক সিন্ধান্ত ৰ পৰিনতিত অাজিৰ পৰা বিটিএডি ত এক নতুন সমীকৰণ সৃষ্টি হোৱাত উপস্থিত সকোলোকে উল্লাসিত হোৱা দেখা যায় l আনহাতে বিটিএডি আৰ্মি গঠন হোৱাৰ পিছতে অাজি ইতিহাস সৃষ্টি কৰি নব শৰণীয়া ৰ নেতৃত্বত একেখন মঞ্চতে গন সুৰক্ষা পাৰ্টী, অসম নামেৰে ৰাজনৈতিক দল টো গঠন কৰা হয় l 21 জনীয়া কৰ্ণধাৰ সমিতিৰে গঠন হবলগীয়া দল টোৰ সভাপতি হিচাপে অাজি সাংসদ নব কুমাৰ শৰণীয়া অাৰু সাধাৰণ সম্পাদক হিচাপে আব্দুল... ক বাচনি কৰা হয় l এতিয়া ৰে পৰা অবড়ো নেতা সকলে অনাগত সময়ত এই ৰাজনৈতিক দলৰ পৰাই বিটিএডি ৰ পৰিষদীয় নিৰ্বাচন অাৰু বিধান সভাত নিৰ্বাচন খেলিব বুলি জানিবলৈ দিয়ে l স্বাভাৱিকতে অাজি অবড়ো লোক সকলৰ এনে চমকপ্ৰদ সঁহাৰি দেখি সাংসদ নব কুমাৰ শৰণীয়া ক যথেষ্ট উত্ফুল্লিত হোৱা দেখা যায় l অাজি ৰ এনে সিন্ধান্তৰ পৰিনতিত আগন্তুক বিটিচি নিৰ্বাচনত যে বিপিএফ তথা হাগ্ৰামা ক উৎখাত কৰি অবড়োৰ নেতৃত্বত যে গণ সুৰক্ষা পাৰ্টী এ বিটিএডি দখল কৰিৱ সেয়া নিশ্চিত বুলি হুঙ্কাৰ প্ৰদান কৰে নব কুমাৰ শৰণীয়া ই l আনহাতে সকলো এ বিচাৰিলে অাৰু এনেদৰে সফল ৰাজনৈতিক বৈতৰণী পাৰ কৰিৱ পাৰিলে তেওঁ বিটিচি প্ৰধান ৰ দায়িত্ব পালন কৰিবলৈ ও আগ্ৰহী বুলি মত পোষণ কৰে l স্বাভাৱিকতে পাঠশালা ত হোৱা এনে সমাবেশ অাৰু সিন্ধান্ত ই যে আজিৰ পৰা বিটিএডি ত এটা নতুন দিশৰ সূচনা কৰিৱ সেয়া নিশ্চিত ll

Conclusion:বাইট-১
ভিডিঅ'-৩
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
Last Updated : Sep 25, 2019, 5:14 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.