পাঠশালা, 31 অক্টোবৰ: প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ দেহাৱসান ৷ পাটাছাৰকুছি সমষ্টিৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা দুবাৰৰ প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনক তেওঁৰ নিজ গৃহত বহু দল সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে l তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি পাটাছাৰকুছি প্ৰেছ ক্লাৱে তিনি দিনলৈ প্ৰেছ ক্লাৱৰ পতাকা অৰ্ধ নিৰ্মিত কৰি শোক পালন কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে l
![প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ দেহাৱসান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9383447_image_jkh.jpg)
শনিবাৰে গুৱাহাটীৰ পৰা প্ৰয়াত নেতা গৰাকীৰ নশ্বৰ দেহ তেওঁৰ নিত্যানন্দ কালজিৰা পাৰাস্থিত নিজ গৃহত তেওঁৰ গুণমুগ্ধ সকলে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে l বজালীৰ প্ৰায় 25 টাকৈ দল সংগঠনৰ প্ৰতিনিধিয়ে প্ৰয়াত নেতা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনায় l
![বিশিষ্ট ৰাজনীতিবিদ প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ দেহাৱসান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/pathsalaxmlabhubaneswarbarman_31102020194051_3110f_1604153451_820.jpg)
উল্লেখ্যযোগ্য যে প্ৰয়াত নেতা গৰাকী পাটাছাৰকুছি সমষ্টিৰ দুবাৰকৈ বিধায়ক হোৱাৰ উপৰিও ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী মুক্তি যোদ্ধা আৰু এগৰাকী প্ৰবীন সাংবাদিকও আছিল l
লগতে পঢ়ক:ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰত মুখ্যমন্ত্ৰী সোণোৱাল