ETV Bharat / state

কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা

author img

By

Published : May 29, 2021, 10:21 PM IST

ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । কোনোৱে যদি নতুনকৈ আক্ৰান্ত হৈছে কোনোৱে আকৌ মহামাৰীৰ যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিছে । ইয়াৰ মাজতে বজালী আৰু তেজপুৰত দুগৰাকী বৃদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । যিসময়ত কৰ'ণাকলৈ বহু লোক শংকিত হৈ আছে সেই দুগৰাকী বয়োজ্যেষ্ঠই কৰ'ণাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।

as_bar_pathsala-old-women-news-vis_asc10080
কৰ'ণা যোদ্ধা দুগৰাকী ককা আইতা

নিউজ ডেস্ক, 29 মে’: ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । কোনোৱে যদি নতুনকৈ আক্ৰান্ত হৈছে কোনোৱে আকৌ মহামাৰীৰ যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিছে । ইয়াৰ মাজতে বজালী আৰু তেজপুৰত দুগৰাকী বৃদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । যিসময়ত কৰ'ণাকলৈ বহু লোক শংকিত হৈ আছে সেই দুগৰাকী বয়োজ্যেষ্ঠই কৰ'ণাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।

মহামাৰীৰ জটিল পৰিস্থিতিত আজি বাতৰিৰ শিৰোনাম দখল কৰিছে এই দুগৰাকী ককা-আইতাই । জীৱনৰ অন্তিম সময়তো এই দুগৰাকীৰে মনত আছে অত্যন্ত ধৈৰ্য্য আৰু বিশ্বাস । যাৰ বাবে আজি অতিমাৰী কৰ'ণাকো পৰাস্ত কৰি নিজৰ ঘৰলৈ উভতিব পাৰিছে তেওঁলোকে ।

কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা

বজালী জিলাৰ পাঠশালাৰ এইগৰাকী ৮০ বছৰীয়া পঞ্চদা খাটনিয়াৰ । কিছুদিন পূৰ্বে কৰ'ণাৰ স্বীকাৰ হৈছিল এইগৰাকী আইতা । কিন্তু পৰিয়ালৰ প্ৰাৰ্থনা আৰু মনৰ দৃঢ় বিশ্বাসৰ বাবে গুৱাহাটীত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত আজি আইতা সম্পূৰ্ণ সুস্থ । মুখত কথা নুফুটে তথাপিও কৰ'ণাক পৰাস্ত কৰি হাতত খবৰ কাগজলৈ আজি দেশ বিদেশৰ খবৰ ৰাখিছে আইতাই ।

আনজন হ’ল ৯১ বছৰ গৰকা তেজপুৰৰ মিলনপুুুৰৰ নিবাসী ইন্দ্ৰ কটকী । প্ৰায় ১৪ দিনে ঘৰতে যুজ দিয়াৰ পিছত ক'ভিডে কিন্তু হৰুৱাব নোৱাৰিলে এইজন বৃদ্ধক । কেৱল মাত্ৰ জীয়াই থকাৰ মনোবল আৰু আত্মবিশ্বাসৰ বাবে আজি ককা ক'ভিড নিগেটিভ । এনেদৰে সুস্থ দেখি আজি উৎফুল্লিত তেওঁৰ পৰিয়াল ।

সুস্থ হৈ কৰ'ণাকলৈ আতংকিত নহ'বলৈ বিশেষ আহ্বান ককাৰ । যিটো সময়ত বয়োজ্যেষ্ঠ লোকৰ বাবে মাৰাত্মক ৰূপত দেখা দিছে কৰ'ণা ।

মুঠতে ক'ভিডক জয় কৰি আজি ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে এই দুগৰাকী বৃদ্ধাই । যদি এওঁলোকে পাৰিছে আপুনি কিয় নোৱাৰিব । কেৱল সকলোৱে ল'ব লাগিব দুয়োগৰাকীৰ আদৰ্শ । ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোলৈ আহ্বান পালন কৰক স্বাস্থ্য বিধি । ভয়েৰে নহয় মনৰ বলেৰে যুদ্ধ কৰক কৰ'ণাৰ বিৰুদ্ধে । চাব এওঁলোকৰ দৰে আপুনিও কৰিব পাৰিব মহামাৰীক পৰাস্ত ।

লগতে পঢ়ক-পৰেশ বৰুৱাৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.