ETV Bharat / state

প্ৰশান্ত ফুকন চেলেপু মানুহঃ নীলমনি সেন ডেকা

author img

By

Published : Nov 5, 2020, 10:53 PM IST

যি সময়ত সমগ্ৰ অসমৰ ৰাইজ মূল্যবৃদ্ধিত ককবকাই আছে তেনে ক্ষণতে অসমৰ মানুহে এফাল পিয়াজ খাই চলে বুলি কৰা বিজেপি বিধায়ক প্ৰশান্ত ফুকনে যি মন্তব্য ৰাখিছে তাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পাঠশালাত সৰৱ হৈ পৰে নীলমনি সেন ডেকা l

Pathsala nilamani Sen deka reaction prasanta phukaon comments
প্ৰশান্ত ফুকন চেলেপু মানুহঃ নীলমনি সেন ডেকা

পাঠশালা,5 নবেম্বৰঃ বিজেপি বিধায়ক প্ৰশান্ত ফুকন হৈছে চেলেপু মানুহ, সদায় তেওঁ চেলেপু কথা কৈ থাকে ৷ তেওঁৰ কথাৰ কি মূল্য আছে ৷ বিজেপিৰ জেষ্ঠ্য বিধায়ক গৰাকীৰ বিৰুদ্ধে পাঠশালাত আজি এই বিষ্ফোৰক মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই ৷

যি সময়ত সমগ্ৰ অসমৰ ৰাইজ মূল্যবৃদ্ধিত ককবকাই আছে তেনে ক্ষণতে অসমৰ মানুহে এফাল পিয়াজ খাই চলে বুলি কৰা বিজেপি বিধায়ক প্ৰশান্ত ফুকনে যি মন্তব্য ৰাখিছে তাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পাঠশালাত এইদৰে মন্তব্য প্ৰকাশ কৰে নীলমনি সেন ডেকাই l ইপিনে কংগ্ৰেছৰ দিনত পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰি আজি কেনেকৈ বাল্মীকি হ’ল তাক লৈও আশ্বৰ্য প্ৰকাশ কৰে নীলমনি সেন ডেকাই ৷ অসমৰ মানুহে কিমান পিয়াজ খায় সেয়া নজনা কথা-চহকী বিধায়ক প্ৰশান্ত ফুকনৰ কথা মূল্যহীন আখ্যা দিয়ে তেওঁ ৷

আনহাতে পিয়াজ প্ৰসংগত বিজেপি সভাপতি ৰণজিৎ দাসক নামনি অসমৰ আটাইতকৈ কুখ্যাত নেতা বুলি অভিহিত কৰে নীলমনি সেন ডেকাই ৷ তেওঁ কৃষি মন্ত্ৰী হৈ থাকোতে ক্ষেত্ৰীত যিটো কৃষি প্ৰকল্প স্থাপন কৰিছিল, সেইতো দুদিন পূৰ্বে বৰ্তমানৰ কৃষি মন্ত্ৰী অতুল বৰাই ইজৰাইলী প্ৰকল্পৰ নাম দি বৰ্তমান কৰা বুলি জাহিৰ কৰিব বিচাৰিছে, তাতো জাঙুৰ খাই উঠিছে প্ৰাক্তন কৃষিমন্ত্ৰী নীলমণি সেন ডেকা ৷ কংগ্ৰেছৰ দিনত হোৱা কাম এতিয়া বিজেপিয়ে নিজে কৰা বুলি সকলো কামতে জহাই ফুৰা বুলি প্ৰকাশ কৰিছে নীলমণি সেন ডেকাই ৷

দৰাচলতে অক্ষম লোকে সক্ষম লোকে কৰা কামবোৰ নিজে কৰা বুলি কৈ গৌৰৱ বোধ কৰে, যিটো এক লজ্জাজনক কথা বুলিও অভিহিত কৰে নীলমণি সেন ডেকাই ৷ আনহাতে অতুল বৰাক প্ৰত্যাহ্বান জনাই নীলমনি সেন ডেকাই কয় যে ,অতুল বৰাই হেনো নীলমনি সেন ডেকাই 700 / 800 কৌটি টকা খোৱা বুলি ঠাট্টা কৰে ৷ এনে প্ৰসংগত ঠাট্টা কৰাতকৈ মন্ত্ৰী অতুল বৰাক বিষয়টোৰ সৰ্ন্দভত তদন্ত কৰিবলৈ তীব্ৰ প্ৰত্যাহবান জনায় ডেকাই ৷

তাৰ বিপৰীতে এতিয়া কৃষি বিভাগত সৰ্বত্ৰে কেলেংকাৰী হোৱা বুলি অভিহিত কৰে তেওঁ ৷ সম্প্ৰতি অগপ বিজেপি বগা হাতীত পৰিণত হোৱা বুলি কয় নীলমণি সেন ডেকাই ৷ কেতিয়াবা যে অগপ বিজেপি চৰকাৰ ঘূৰি আহিব সেয়া বিশ্বাস নহয় বুলি কয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে l উল্লেখযোগ্য যে, ৰ্দীঘদিনৰ বিৰতিৰ মূৰত প্ৰাক্তন মন্ত্ৰী গৰাকীক এনেদৰে সৰব হোৱা দেখিবলৈ পোৱা গৈছে l

লগতে পঢ়কঃ অসমৰ জনসাধাৰণে বিজেপিৰ কাম-কাজক লৈ অসন্তুষ্ট : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.