ETV Bharat / state

কাৰ আশীৰ্বাদত বহিঃৰাজ্যৰ কোম্পানীয়ে লুটিলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত আবণ্টিত ধন ! - বজালী

ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈ উঠা নাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ৷ এনে সময়তো ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰাৰ নামত জন সাধাৰণে টোলগেটত ভৰিবলগীয়া হৈছে কৰ ৷ বৰপেটা জিলাৰ বৃহত্তৰ বজালীৰ ধুমাৰকুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা দলঙত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷ এজাক বৰষুণতে ঘাইপথটো পানীৰে পৰিপূৰ্ণ হৈ সৃষ্টি হৈছে পুখুৰীসদৃশ পৰিৱেশৰ ৷

Pathsala national highway scam news barpeta assam etv bharat news
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়ম
author img

By

Published : Aug 4, 2020, 7:19 PM IST

পাঠশালা,4 আগষ্ট: কৰ’ণা মহামাৰী আৰু লক্ ডাউনৰ বাবে দুখ-দুৰ্দশাৰ সীমা নোহোৱা হৈছে ৰাজ্যবাসীৰ ৷ কিন্তু তাৰ মাজতে চৰকাৰে ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত স্থাপন কৰিছে টোলগেট ৷ ঘাইপথৰ মানদণ্ড নিম্নগামী হোৱা সত্বেও চৰকাৰে স্থাপন কৰা টোলগেট সন্দৰ্ভত বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ আজিপৰ্যন্ত ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈ উঠা নাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ৷ এনে সময়তো ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰাৰ নামত জন সাধাৰণে টোলগেটত ভৰিবলগীয়া হৈছে কৰ ৷ বৰপেটা জিলাৰ বৃহত্তৰ বজালীৰ ধুমাৰকুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা দলঙত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷ এজাক বৰষুণতে ঘাইপথটো পানীৰে পৰিপূৰ্ণ হৈ সৃষ্টি হৈছে পুখুৰীসদৃশ পৰিৱেশৰ ৷ এয়াই কেৱল নহয়,পাটাছাৰকুছিৰ নিকটৱৰ্তী বেজকুছিৰ পৰা হাউলীৰ কালজাৰলৈ যোৱা প্ৰায় 27.2 কিল’মিটাৰ পথ নিৰ্মাণৰ দায়িত্বত আছিল কেএমচি নামৰ তামিলনাডুৰ এটা কোম্পানী ৷ নিয়ম অনুসৰি 2005 চনত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা কোম্পানীটোৱে 2008 চনত সম্পূৰ্ণ কৰিব লাগিছিল পথ নিৰ্মাণৰ কাম ৷ কিন্তু সুদীৰ্ঘ 12 বছৰ পিছতো অৰ্থাৎ 2020 চনতো সম্পূৰ্ণ নহ’ল পথ নিৰ্মাণৰ কাম ৷ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে আবণ্টিত হৈছিল 200 কোটি টকা ৷ পৰৱৰ্তী সময়ত এই ধনৰ পৰিমাণ বৃদ্ধি কৰি 267 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ ইপিনে পাটাছাৰকুছিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা কালদিয়া নদীৰ দলঙখন নিৰ্মাণৰ কামো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল ৷

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়ম

বিষয় প্ৰসংগত চৰকাৰে তামিলনাডুৰ কোম্পানীটোৰ বিৰুদ্ধে তদন্তৰ কথা ঘোষণা কৰে যদিও প্ৰতিবাৰে কোম্পানীটোক কামৰ সময়সীমা বৃদ্ধি কৰিহে দিয়া হৈছে ৷ ইয়াৰ পিছতো অতি জৰাজীৰ্ণ ৰাষ্টাৰে যাতায়াত কৰা যাত্ৰীসকলে ভৰিবলগীয়া হৈছে কৰ ৷ আনহাতে, উক্ত পথেৰে অহা-যোৱা কৰি কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে চৰকাৰৰ টোলগেট স্থাপনৰ সিদ্ধান্ত ভুল বুলি মতপোষণ কৰে ৷ উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ভিন্ন সময়ত সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ কিন্তু ইয়াৰ পিছতো চৰকাৰে কোনো বিহীত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে অধিক মুনাফা লাভৰ সুবিধা দিছে বহিঃৰাজ্যৰ কোম্পানীটোক ৷ কাৰ আশীৰ্বাদ পুষ্ট হৈ কোম্পানীটোৱে এনেদৰে পথ নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত কৰিছে সেয়া ৰহস্যজনক হৈ পৰিছে ৷

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ক্ষোভ

লগতে চাওকঃ লুইতৰ বুকুত সমূহীয়া আত্মজাহৰ হুংকাৰ দক্ষিণ শালমাৰাবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.