ETV Bharat / state

ধৰনীধৰ গোস্বামীক মৰণোত্তৰভাৱে প্ৰাপ্য সন্মান প্ৰদান কৰিব অসম চৰকাৰে

author img

By

Published : Jun 18, 2020, 1:44 PM IST

তেওঁৰ জীৱিত কালতে হওঁক অথবা মৃত্যুৰ পাছত বিগত বছৰে প্ৰাপ্য সন্মান প্ৰদান কৰা নহ'ল ধৰনীধৰ গোস্বামীক ৷ সেয়ে বুধবাৰে বিজেপি সাংসদ দিলীপ শইকীয়াই প্ৰয়াত ধৰণীধৰ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে মুখ্যমন্ত্ৰীৰ জৰিয়তে অসম চৰকাৰে সন্মানিত কৰিব উপেক্ষিত মহীৰূহগৰাকীক l

Pathsala
পাঠশালা

পাঠশালা, 18জুন: ভ্ৰাম্যমাণ থিয়েটাৰৰ সৃষ্টিৰ আঁৰৰ মূল মানুহজনক মৰণোত্তৰভাৱে প্ৰাপ্য সন্মান প্ৰদান কৰিব অসম চৰকাৰে ৷ অসম চৰকাৰৰ ফালৰ পৰা এই কথা ঘোষণা কৰে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই ৷

সমগ্ৰ ৰাজ্যই জানে যে, ভ্ৰাম্যমান থিয়েটাৰৰ জনক আছিল অচ্যুত লহকৰ l কিন্তু জীৱিত কালত স্বয়ং অচ্যুত লহকৰে প্ৰতি মূহূৰ্তত স্বীকাৰ কৰি গৈছে যে তেওঁৰ গুৰু তথা অভিনেতা-পৰিচালক ধৰনীধৰ গোস্বামীৰ বাবে অসমত ভ্ৰাম্যমান থিয়েটাৰ সৃষ্টি হৈছিল ৷ 1912 চনত পাঠশালাৰ মুগুৰীয়াত জন্ম গ্ৰহণ কৰা সংস্কৃতিৰ নিৰৱ সাধকজনে ইতিমধ্যে 1985 চনত ইহলীলা সম্বৰণ কৰিছে ৷ বিগত বৰ্ষত অসম সাহিত্য সভাই তেওঁৰ 550 পৃষ্ঠাৰ এখন স্মাৰকগ্ৰন্থ প্ৰকাশ কৰিছে ৷

পাঠশালা

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে নিজৰ অভিনয় দক্ষতা আৰু নাট , থিয়েটাৰ পৰিচালনাৰে নাট্য বিপ্লব সৃষ্টি কৰা এইগৰাকী উপেক্ষিত নীৰৱ নায়কক এতিয়া সন্মানিত কৰিব অসম চৰকাৰে ৷ 1943 চনৰ পৰা বজালীত যাত্ৰা থিয়েটাৰৰ গুৰি ধৰোঁতা তথা নটৰাজ থিয়েটাৰৰ সৈতে জন্মলগ্নৰে পৰা জড়িত আছিল ধৰনীধৰ গোস্বামী ৷ ইয়াৰোপৰি মঞ্চৰূপা থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰ, অনিৰ্বান থিয়েটাৰ, আৰধনা থিয়েটাৰ, চিত্ৰলেখা থিয়েটাৰৰ উপৰি কেবাটাও ভ্ৰাম্যমাণ নাট্যদলৰ উপদেষ্টা আৰু নাট পৰিচালক হিচাপে জড়িত আছিল উপেক্ষিত মহানায়কগৰাকী ৷

লগতে পঢ়কঃ গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ

কিন্তু তেওঁৰ জীৱিত কালতে হওঁক অথবা মৃত্যুৰ পাছত বিগত বছৰে প্ৰাপ্য সন্মান প্ৰদান কৰা নহ'ল ধৰনীধৰ গোস্বামীক ৷ সেয়ে বুধবাৰে বিজেপি সাংসদ দিলীপ শইকীয়াই প্ৰয়াত ধৰণীধৰ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে সন্মানিত কৰিব উপেক্ষিত মহীৰূহগৰাকীক l

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.