পাঠশালা,26 নৱেম্বৰ: ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে বিদ্যুত বিভাগৰ কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিভাগটো চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ যি পৰিকল্পনা কৰিছে তাৰে প্ৰতিবাদত সৰৱ হৈ পৰে বিভাগটোৰ কৰ্মচাৰীসকল ৷ বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাঠশালাৰ বিদ্যুত বিভাগৰ কৰ্মচাৰীসকলে ৷
তদুপৰি প্ৰতিবাদকাৰীসকলে বিদ্যুত বিলৰ বিৰোধিতা কৰিও প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদ্যুৎ বিভাগৰ দৰে ৰাজহুৱা খণ্ডৰ কাৰ্যালয় এটাক ব্যক্তিগতকৰণ কৰা কাৰ্যক কেতিয়াও সহজভাৱে গ্ৰহণ কৰা নহয় বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ৷
লগতে চাওকঃ ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি