ETV Bharat / state

এটা গড়কাপ্তানি পথে জলা-কলা খুৱাইছে কলগাছিয়াৰ ৰাইজক

author img

By

Published : Sep 9, 2020, 8:47 AM IST

গড়কাপ্তানি পথৰ দুৰৱস্থাৰ ফলত যমৰ যাতনা ভুগিছে কলগাছিয়াৰ ৰাইজে ৷ পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ ফলত দৈনিক সংঘটি হয় সৰু-বৰ দুৰ্ঘটনা ৷ পথছোৱাৰ উন্নয়নৰ বাবে চৰকাৰক কাতৰ অনুৰোধ ৰাইজৰ ৷

pathetic road condition
গড়কাপ্তানি পথৰ দুৰৱস্থা

জনীয়া, 9 ছেপ্টেম্বৰ : কলগাছিয়াত ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা । টি এন ডিৰ পৰা চেনিমাৰীলৈ দুই কিঃমিঃ পথত সৃষ্টি হোৱা বহুকেইটা পুখুৰী সদৃশ গাঁতে জলা-কলা খুৱাইছে পথচাৰীক । গড়কাপ্তানি বিভাগৰ চৰম গাফিলতি আৰু অৱহেলাৰ ফলত এই দুই কিঃমিঃ পথ যাত্ৰা কৰোতে ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । ৰাইজৰ বাবে কাল হৈ পৰিছে এই পথছোৱা ।

আমিনগাঁৱৰ পৰা বৰপেটা, জনীয়া, ভায়া লাংলা হৈ দক্ষিণ শালমাৰালৈ যোৱা প্ৰায় 150 কিঃমিঃ বিকল্প ২য় ৰাজ্যিক ঘাইপথটোৰ পশ্চিমৰ পৰা চেনিমাৰি আৰু পূৱৰ পৰা টি এন ডিলৈ কাম প্ৰায় সম্পূৰ্ণ হৈছে । কিন্তু এই দেৰশ কিঃমিঃ পথছোৱাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ ক্ষুদ্ৰকুচি গাঁৱৰ মাত্ৰ দুই কিঃমিঃ পথৰ কাম কৰা হোৱা নাই । পথটোৰ ঠিকা লাভ কৰিছিল গৌতম কনষ্ট্ৰাকচনে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ দুৱাৰে দুৱাৰে ঘুৰিও কোনো সুফল নাপাই মুখ্যমন্ত্ৰীৰ ওচৰতো আবেদন দাখিল কৰিছে বুলি জনাইছে স্থানীয় ৰাইজে ।

এটা গড়কাপ্তানি পথে জলা-কলা খুৱাইছে কলগাছিয়াৰ ৰাইজক

সাংবাদিকক স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বাদ পৰা ঠাই খিনিত ২০১১ চনত জৰীপ কৰা হৈছিল । কিন্তু জৰীপৰ দায়িত্বত থকা লোক সকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত সময়মতে প্ৰতিবেদন দাখিল নকৰাৰ বাবেই মাজৰ ৰাস্তা খিনি বাদ পৰিছে । উল্লেখনীয় কথাটো হ'ল যে, দুয়ো ফালে পথছোৱাৰ কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত মাজৰ ঠাই খিনিত বিগত ৫-৬ বছৰত গড়কাপ্তানি বিভাগ, ঠিকাদাৰ আদি কোনোৱেই গুৰুত্ব প্ৰদান নকৰাৰ ফলত পথৰ মাজত অসংখ্য প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে । যাৰ ফলত দৈনিক হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা । বোকা-পানী ছিটিকি গাত পৰাৰ ফলত আদবাটৰ পৰা ঘৰলৈ উভতি যাবলগীয়া হয় ছাত্ৰ-ছাত্ৰী । স্থানীয় ৰাইজে অতি শীঘ্ৰেই পথছোৱাৰ কাম কৰি দিবলৈ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ ওচৰত বিনয়ৰে দাবী জনাইছে ।

লগতে পঢ়ক : এখন অৱহেলিত চৰকাৰী চিকিৎসালয়ঃ স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.