মন্দিয়া, 12 মাৰ্চঃ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই চিন্তিত কৰি তুলিছে স্থানীয় লোকক ৷ কিয়নো জীৱনৰ আদি পাঠ গ্ৰহণ কৰিবলৈ অহা কণ-কণ শিক্ষাৰ্থীৰ জীৱনলৈ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত এই প্ৰাথমিক বিদ্যালয়খনে কঢ়িয়াই আনিব পাৰে বিপদ ৷ সাধাৰণ বতাহ এজাক বলিলেও চৰৰ মাজত থকা বিদ্যালয়খনৰ টিনপাত উৰুৱাই নিয়াৰ লগতে যিকোনো সময়তে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ কেৱল এয়াই নহয়, ইউনিফৰ্মৰ পৰাও বঞ্চিত হৈ আছে বিদ্যলয়খনৰ শিক্ষাৰ্থী ৷ এই বিষয়ত ৰাইজে স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে সাংসদ আব্দুল খালেকক অৱগত কৰিছে যদিও, বৰ্তমানলৈ গ্ৰহণ কৰা নাই কোনো সু ব্যৱস্থা ৷
লগতে পঢ়কঃ বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বন্ধ হৈ পৰিব চাহ উদ্যোগঃ ৰূপজ্যোতি কুৰ্মী