ETV Bharat / state

অগপ হ'ল ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি থকা ছদ্মৱেশী আঞ্চলিক দল: এজেপি

author img

By

Published : Dec 27, 2020, 8:44 PM IST

চেঙাত অসম জাতীয় পৰিষদৰ এখন দলীয় সভা অনুষ্ঠিত হৈ যায় ৷ ৰুবুল আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছ আৰু অগপ দলৰ শতাধিক সদস্যই এজেপি দলত যোগদান কৰে ৷

party-meeting-of-ajp-held-in-chenga
অগপ হ'ল ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি থকা ছদ্মৱেশী আঞ্চলিক দল: এজেপি

বৰপেটা, 27 ডিচেম্বৰ : বৰপেটা জিলাৰ চেঙাত অসম জাতীয় পৰিষদৰ এখন দলীয় সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক গোবিন্দ গায়নে বিজেপি, কংগ্ৰেছ আৰু অগপক কঠোৰ ভাষাৰে সমালোচনা কৰে । একেখন সভাতে সাংগঠনিক সম্পাদক গৰাকীয়ে ইছলাম ধৰ্মীয় পুথি 'কোৰাণ' সন্দৰ্ভত সত্যৰঞ্জন বৰাই কৰা বিৰূপ মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে, অগপ দলটোৱে ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি থকা এটা ছদ্মৱেশী আঞ্চলিক দল বুলি সমালোচনা কৰে ৷

অসম জাতীয় পৰিষদৰ দলীয় সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক গোবিন্দ গায়নৰ মন্তব্য

সত্যৰঞ্জন বৰাই ৰাজনীতিৰ নামত অসমীয়া সমাজত বিষবাষ্প বিয়পাই আছে । ইফালে, লুৰিণ জ্যোতি গগৈ সন্দৰ্ভত সত্যৰঞ্জন বৰাই কৰা মন্তব্যক লৈ ৰাজ্যিক সাংগঠনিক সম্পাদকজনে কয়, লুৰিণ জ্যোতি গগৈক সত্যৰঞ্জন বৰাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই ।

উল্লেখ্য যে, ৰুবুল আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কংগ্ৰেছ আৰু অগপ দলৰ শতাধিক সদস্যই এজেপি দলত যোগদান কৰে ৷ সভাত এজেপি দলৰ চেঙা সমষ্টি ভিত্তিক সমিতি এখন শীঘ্ৰে গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : কাৰাগাৰত আবদ্ধ গেংগষ্টাৰক সহায় কৰি আটক আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.