ETV Bharat / state

শিক্ষানগৰী পাঠশালাৰ শিক্ষানুষ্ঠানত কৰ'ণা ভাইৰাছৰ আতংক

পাঠশালাৰ তিনিখন শিক্ষানুষ্ঠানৰ ৮১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এই এণ্টিজেন টেষ্ট কৰা হৈছিল ৷ উল্লেখযোগ্য যে,স্বাস্থ্য বিভাগে ৰাজ্যত দৈনিক 1 লাখ টেষ্টৰ লক্ষ্যৰে আৰম্ভ কৰা এই টেষ্টৰ প্ৰথমটো দিনত বজালীত 964 গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় ৷ এই টেষ্টত 154 গৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে ক'ভিড প'জিটিভ ৷

author img

By

Published : Sep 29, 2020, 6:10 PM IST

Panic of the coronavirus in the educational institutions of pathsala
শিক্ষানগৰী পাঠশালাৰ শিক্ষানুষ্ঠানত কৰ'ণা ভাইৰাছৰ আতংক

পাঠশালা,29 ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি কৰ'ণা ভাইৰাছৰ আতংকই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শিক্ষানগৰী পাঠশালাৰ শিক্ষানুষ্ঠানত 8 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ লগতে এগৰাকী শিক্ষকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মঙলবাৰে স্বাস্থ্য বিভাগে কৰা ক'ভিড টেষ্টৰ অন্তত এই তথ্য পোহৰলৈ আহিছে ৷ ইয়াৰ পিছতে সমগ্ৰ পাঠশালাত এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷

জানিব পৰা মতে,পাঠশালাৰ তিনিখন শিক্ষানুষ্ঠানৰ ৮১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এই এণ্টিজেন টেষ্ট কৰা হৈছিল ৷ উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগে ৰাজ্যত দৈনিক 1 লাখ টেষ্টৰ লক্ষ্যৰে আৰম্ভ কৰা এই টেষ্টৰ প্ৰথমটো দিনত বজালীত 964 গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় ৷ এই টেষ্টত 154 গৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে ক'ভিড প'জিটিভ ৷

আনহাতে,কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিৱেশৰ মাজতে ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেইয়া সঠিক হ'লেও ইয়াৰ মাজতে যি ধৰণে ক'ভিড প'জিটিভ ৰোগী চিনাক্ত হৈছে সেইয়া সঁচাকৈয়ে এক উদ্বেগজনক বিষয় ৷ এইক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ ৰাজ্যৰ মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ স্নাতক পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.