বৰপেটা, 10 ডিচেম্বৰ: বৰপেটা জিলা কাৰাগাৰত এজন কাৰাবন্দীৰ চীপ লৈ আত্মহত্যা ৷ আত্মহত্যা কৰা লোকজনৰ নাম সমৰ আৰ্য (39) ৷ লোকজন বৰপেটা ৰোডৰ শিমলাগুৰিৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷
আজি পুৱা আঠুৱা ফালি তৈয়াৰ কৰা ৰচীৰে বাথৰুমৰ খিৰিকীত চীপ লৈ আত্মহত্যা কৰে কাৰাবন্দী লোকজনে ৷ যোৱা 4 ডিচেম্বৰ তাৰিখে লোকজনে বৰপেটা ৰোডৰ অম্বিকাগিৰি চ'কত চুৰীৰে আক্ৰমণ কৰিছিল ৰাজদ্বীপ সূত্ৰধৰ নামৰ লোক এজনক ৷ সেই অপৰাধত সমৰ আৰ্যক স্থানীয় লোকে উত্তম মধ্যম শোধাই গতাই দিছিল আৰক্ষীৰ হাতত ৷ চুৰীৰে আক্ৰমণ কৰা ঘটনাৰ পিচতেই আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল সমৰ আৰ্যক ৷
লগতে পঢ়ক: তীব্ৰতৰ হৈ পৰিছে অসমৰ পৰিস্থিতি