ETV Bharat / state

অসমৰ যুৱকেই বাংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰিলে অসমৰে মেধাৱী ছাত্ৰীক

বাংগালুৰুত হত্যাৰ বলি অসমৰ এগৰাকী যুৱতী ৷ অধ্যয়নৰ বাবে বাংগালুৰুলৈ যোৱা যুৱতী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে ৷ অসমৰেই গোৱালপাৰা জিলাৰ এজন যুৱক আৰু দুই সহযোগীৰ বিৰুদ্ধে উঠিছে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ ৷ ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক ৷

assam girl rape and murder
assam girl rape and murder
author img

By

Published : Dec 17, 2020, 6:35 PM IST

বৰপেটা, ১৭ ডিচেম্বৰ : বৰপেটাৰ হাউলীৰ কাটলিঝাৰ গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী নৃশংস হত্যাৰ বলি হৈছে বাংগালুৰ চহৰত ৷ বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ কাটলিঝাৰ গাঁৱৰ যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ গোৱালপাৰা জিলাৰ আনিচুৰ ৰহমানৰ লগতে আন দুজনৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ ৷

যোৱা ১৪ ডিচেম্বৰত গুৱাহাটীৰ পৰা বিমানযোগে বাংগালুৰুত উপস্থিত হৈছিল যুৱতীগৰাকী ৷ বাংগালুৰ চহৰৰ ইষ্ট ৱেষ্ট কলেজত বি এছ চি নাৰ্চিং অধ্যয়নৰ বাবে উপস্থিত হোৱা যুৱতীগৰাকীৰ সৈতে ঘটনাৰ দিনা পুৱাও পিতৃয়ে টেলিফোনত কথা পাতিছিল ৷ কলেজখনত প্ৰথমবাৰৰ বাবে ক্লাছ কৰিবলৈ যোৱাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে পিতৃৰ পৰা আশীৰ্বাদ বিচাৰিছিল ৷

অসমৰ যুৱকেই বাংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰিলে অসমৰে মেধাৱী ছাত্ৰীক

তাৰপিচৰ পৰা ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ ফোন ছুইছ অফ হৈ আছিল ৷ আনহাতে দুপৰীয়াৰ ভাগত বাংগালুৰু আৰক্ষীয়ে পিতৃক ফোনযোগে জনাইছিল যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ ৷ পৰিয়ালৰ লোকে বেংকত চেক ভঙাবলৈ যোৱা অৱস্থাত বাংগালুৰু চহৰত থকা গোৱালপাৰাৰ আনিচুৰ ৰহমান আৰু আন দুই যুৱকে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলিছে ৷

অৱশ্যে কি পৰিস্থিতিত বা কেনেদৰে এই ঘটনাটো সংঘটিত হৈছে সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে অভিযুক্ত আনিচুৰ ৰহমানক আটক কৰি ঘটনাটোৰ তদন্ত চলাই আছে ৷ এগৰাকী মেধাবী ছাত্ৰীয়ে বহিঃৰাজ্যলৈ অধ্যয়নৰ বাবে গৈ এনেদৰে নৃশংস হত্যাৰ বলি হ’বলগীয়া হোৱা ঘটনাক লৈ বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে, আমছু, এআইইউডিএফ, ৰাইজৰ দল আদিকে ধৰি বিভিন্ন দল সংগঠনে উক্ত ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে হত্যাকাৰীৰ ফাঁচীৰ দাবী তুলিছে ৷

লগতে পঢ়ক : অসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.