জনীয়া, 29 আগষ্টঃ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে ৰাজ্যত পুনৰ এগৰাকী লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে । এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত । শনিবাৰে ৰাতিপুৱা নুৰ হুছেইন নামৰ এগৰাকী ৪৬ বছৰীয়া লোকে মৰাপাট খেতি পথাৰলৈ যোৱাৰ সময়ত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি লোকজনৰ ওপৰত পৰে । লোকজনৰ চিঞৰ শুনি ওচৰৰ প্ৰতিবেশী আহি উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে নুৰ হুছেইনক মৃত বুলি ঘোষণা কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙিছিল যদিও তাঁৰ সলনি কৰি দিয়াৰ পৰিৱৰ্তে মেৰামতি কৰি দিছিল । কিন্তু শনিবাৰে বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে । ইপিনে লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ জ্যেষ্ঠ ভাতৃৰ সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে