ETV Bharat / state

Road accident at Jania: পথ দুৰ্ঘটনাত নিহত এজন - Road Accident

জনিয়াত শোকাৱহ পথ দুৰ্ঘটনা (Road accident at Jania) ৷ দুখন পালছাৰ বাইক আৰু চাইকেল আৰোহীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত নিহত এজন ৷

Road accident in Jania, one dead
পথ দুৰ্ঘটনাত নিহত এজন
author img

By

Published : Jul 31, 2022, 1:04 PM IST

জনিয়া, 31 জুলাই: জনিয়াত অঘটন ৷ জনিয়া সমষ্টিৰ অন্তৰ্গত ছনপুৰা গাঁৱৰ দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident at Jania)। প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, বিপৰীত দিশৰ পৰা অহা দুখন পালছাৰ বাইক আৰু চাইকেল আৰোহীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

উল্লেখ্য যে, পালছাৰ বাইক দুখন ক্ৰমে AS-15P 0987 নম্বৰৰ 220 পালছাৰ, AS-15R 2670 নম্বৰৰ 150 পালছাৰ ৷ এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন চাইকেল আৰোহী ৷ আহত চাইকেল আৰোহীজনক স্থানীয়লোকে ততাতৈয়াকৈ বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

কিন্তু মেডিকেল পোৱাৰ পিছতেই চিকিৎসকে চাইকেল আৰোহীজনক মৃত বুলি ঘোষণা কৰে । মৃত চাইকেল আৰোহীজনক কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ছনপুৰা গাৱৰ আমজাদ আলীৰ পুত্ৰ ছানোৱাৰ হুছেইন(৩৮) বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Road Accident in Nalbari: প্ৰাতঃভ্ৰমণলৈ আহি প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.