বৰপেটাৰোড,23 এপ্ৰিল: বৰপেটাৰোডত সংঘটিত হৈছে তেল চুৰিৰ ঘটনা ৷ অইল ইণ্ডিয়া লিমিটেডৰ তেলৰ পাইপৰ তেল চুৰি কৰি আহিছে এটা দুষ্ট চক্ৰই ৷ চক্ৰটোৱে দিনে নিশাই চুৰি কৰি আহিছে তেল । জানিব পৰা মতে, বৰপেটাৰোডৰ সমীপৰ মেচপাৰাৰ হাচেম আলীৰ ঘৰৰ পিছফালে সংঘটিত হৈছে এই ঘটনা ৷
উল্লেখযোগ্য যে, প্ৰায় এমাহ ধৰি চক্ৰটোৱে গোপনে তেল চুৰি কৰি আহিছিল ৷ উক্ত কাণ্ডটোৰ সৈতে একাংশ স্থানীয় লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি ঘটনাস্থলিত আৰক্ষীৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ