বৰপেটা, ৫ ফেব্ৰুৱাৰী: বাল্য বিবাহ আইনমতে দণ্ডনীয় যদিও বৰপেটা জিলাত ভয়াৱহ হৈ পৰিছে বাল্য বিবাহৰ ঘটনা (Child marriage in Barpeta)৷ জিলাখনত বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰীভাৱে ৰুজু কৰা ৯২ টা গোচৰৰ বিপৰীতে শনিবাৰৰ নিশালৈকে বাল্য বিবাহ বিৰোধী অভিযানত বৰপেটাত গ্ৰেপ্তাৰৰ সংখ্যা ১৩০লৈ বৃদ্ধি পাইছে ৷ যদিও বৰপেটা জিলাত বাল্য বিবাহৰ ৯২ টা গোচৰ ৰুজু হৈছে ৷ তাৰ বিপৰীতে কিন্তু স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য ৷ তথ্য অনুসৰি বৰপেটাত এবছৰতে উপযুক্ত বয়সৰ পূৰ্বেই প্ৰায় ৯ হাজৰৰো অধিক কিশোৰী-যুৱতী গৰ্ভৱতী হৈছে ৷
বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে প্ৰদান কৰা তথ্য অনুসৰি ২০২২-২৩ বৰ্ষটোতে এই জিলাখনত ২০ বছৰৰ তলৰ গৰ্ভৱতী কিশোৰী-যুৱতীৰ সংখ্যা ৯০৯৭ গৰাকী (Child marriage increased in Barpeta) ৷ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ এনে উদ্বেগজনক তথ্যই উদঙাই দিছে বৰপেটাকে ধৰি নামনি অসমৰ জিলাসমূহত বাল্য বিবাহে কিদৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বাল্য বিবাহৰ বিৰুদ্ধে বৰপেটাত বিগত কেইবাবছৰ ধৰি কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে উল্লেখ কৰা মতে, ৰাজ্যখনত ভয়াৱহ হৈ পৰা বাল্য বিবাহ আৰু 'টীন এজ প্ৰেগনেঞ্চী'ৰ ঘটনা অতিকৈ উদ্বেগজনক ৷ আজিও মুছলমান সমাজত প্ৰথম পুস্পিতা হোৱাৰ পিছতেই ছোৱালী বিবাহৰ বাবে উপযুক্ত বুলি ভবা হয় ৷ আনকি বিবাহক এতিয়াও 'ফৰজ' বা পবিত্ৰ কৰ্ম বুলিয়েই জ্ঞান কৰি অহা মুফটি, ইমাম, কাজী সকলৰ মানসিকতা আজিও একেই আছে (Campaign against Child marriage in Barpeta) ৷
আজিও কোঠাৰ দুৱাৰ বন্ধ কৰি একাংশ কাজীয়ে বাল্য বিবাহ সম্পন্ন কৰি থকাৰো অভিযোগ বাল্য বিবাহ বিৰোধী অভিযানৰ এগৰাকী সমাজ কৰ্মীৰ ৷ ফলত ভয়াৱহ সংকটৰ কবলত পৰিছে ৰাজ্যৰ সামাজিক পৰিস্থিতি (Prohibition of Child Marriage) ৷ তথাপি মুখ্যমন্ত্ৰীড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহন কৰা বাল্য বিবাহ বিৰোধী অভিযানৰ ফলত মুছলমান সমাজত এটা ইতিবাচক প্ৰভাৱ পৰা বুলি মন্তব্য কৰিছে বাল্য বিবাহ বিৰোধী অভিযানৰ এগৰাকী কৰ্মী জেছমিন চুলতানাই ৷ তেওঁ কয় যে আইনগতভাৱে এজন ল'ৰাৰ বিবাহৰ বয়স ২১ বছৰ আৰু এগৰাকী ছোৱালীৰ ১৮ বছৰ যদিও ইয়াৰ পূৰ্বেই বিবাহ সম্পন্ন হৈ আহিছে ।
লগতে পঢ়ক:Operation Against Child Marriage: বাল্যবিবাহ কৰি আটক হোৱাৰ ভয়ত শহুৰৰ ঘৰত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ