ETV Bharat / state

Barpeta Civil Hospital: বৰপেটা অসামৰিক চিকিৎসালয়ত নিশা ৰোগীৰ হাহাকাৰ

author img

By

Published : Apr 13, 2023, 7:21 AM IST

উৎকট গৰমত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত নিশা ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ ব্যৱস্থা থকাৰ পাচতো চিকিৎসালয়খনত নাই বিদ্যুৎ সেৱা ৷ আন্ধাৰতে নিশা কটাবলগীয়া হৈছে ৰোগীয়ে (Patients scramble at Barpeta Civil Hospital) ৷

No Electricity in Barpeta Civil Hospital
উৎকট গৰমত ৰোগীৰ হাহাকাৰ
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত নিশা ৰোগীৰ হাহাকাৰ

বৰপেটা, 13 এপ্ৰিল: বৰপেটা অসামৰিক চিকিৎসালয়ত ব্যাপক অনিয়মৰ অভিযোগ ৷ উৎকট গৰমত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত নিশা ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ ব্যৱস্থা থকাৰ পাচতো চিকিৎসালয়খনত নাই বিদ্যুৎ সেৱা ৷ আন্ধাৰতে নিশা কটাবলগীয়া হৈছে ৰোগীয়ে (Patients scramble at Barpeta Civil Hospital) ৷

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উৎকট গৰমত আন্ধাৰতে নিশা কটাব লগা হৈছে ৰোগীয়ে ৷ নামত হে চলিছে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনত ৰোগীৰ বাবে নূন্যতম সা-সুবিধাৰ অভাৱ ৷ বুধবাৰে নিশাৰ ভাগত এক অভাৱনীয় পৰিস্থিৰ সন্মুখীন হ'ল চিকিৎসালয়খনৰ ৰোগী আৰু ৰোগীৰ অভিভাৱক ৷ চিকিৎসালয়খনৰ বিদ্যুৎ সেৱা ব্যাহত হোৱাত উৎকট গৰমত আন্ধাৰতে নিশা কটাব লগা হ'ল ৰোগীয়ে (Barpeta Civil Hospital in Kolgachia) ৷

চিকিৎসালয়খনত ৪/৫ টাকৈ জেনেৰেটৰ থকাৰ পিচতো নাই কোনো পোহৰ ৷ চাৰিওফালে কেৱল আন্ধাৰ আৰু আন্ধাৰ ৷ ম'বাইলৰ পোহৰত নিশা পাৰ কৰিব লগা হৈছে ৰোগীয়ে ৷ চিকিৎসালয়খনৰ সকলো কোঠা অন্ধকাৰে আৱৰি ৰাখিছে (No Electricity in Barpeta Civil Hospital) ৷

ৰাজ্যত এতিয়া উৎকট গৰম ৷ সঘনাই বিদ্যুতৰ লুকা-ভাকু ৷ তাৰ মাজতে আন্ধাৰতে নিশা কটাবলগীয়া হৈছে ৰোগীয়ে ৷ বিদ্যুৎ ব্যাহত হোৱাৰ বাবে ৰোগীৰ কোঠাত ঘণ্টাৰ পৰা ঘণ্টালৈকে নচলে এখনো ফেন ৷ যাৰ বাবে উৎকট গৰমত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰোগী ৷ উৎকট গৰমত বিচনীৰে বতাহ ল'ব লগা হৈছে ৰোগীয়ে ৷ কিন্তু চিকিৎসালয়খনত ব্যৱস্থা থকাৰ পিচতো চলোৱা হোৱা নাই জেনেৰেটৰ ৷ চিকিৎসালয়ত কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ দিয়াৰ পাচতো কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰোগীৰ অভিভাৱকৰ ৷

নিশাৰ ভাগত ৰোগীৰ অভিযোগ মৰ্মে সাংবাদিকৰ এটি দলে চিকিৎসালয়খনত চলা অৰাজকতা বন্দী কৰে কেমেৰাত ৷ চিকিৎসা সেৱাৰ ক্ষেত্ৰত কলগাছিয়াৰ লগতে বৰপেটাৰ বহু সংখ্যক ৰোগীয়ে নিৰ্ভৰ কৰিবলগীয়া হোৱা এই চিকিৎসালয়খনৰ ওপৰত তীক্ষ্ন নজৰ দিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক আহ্বান জনাইছে ৰোগীৰ লগতে অভিভাৱকসকলে ৷

লগতে পঢ়ক: BJPs awareness programme: বৰপেটাত বিজেপিৰ গাঁৱে গাঁৱে যাওঁ ঘৰে ঘৰে যাওঁ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.