ETV Bharat / state

Barpeta Civil Hospital: বৰপেটা অসামৰিক চিকিৎসালয়ত অন্ধকাৰত ৰোগী

author img

By

Published : Apr 17, 2023, 9:00 AM IST

বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ ৷ চিকিৎসালয়খনত ব্যাহত বিদ্যুৎ সেৱা ৷ অন্ধকাৰত সময় অতিবাহিত কৰিব লগীয়া হৈছে ৰোগীয়ে (No Electricity in Barpeta Civil Hospital) ৷

No Electricity in Barpeta Civil Hospital
উৎকট গৰমত ৰোগীৰ হাহাকাৰ
বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

বৰপেটা, 17 এপ্ৰিল: বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ৰোগীৰ হাহাকাৰ ৷ ডিজি, ইনভাৰ্টৰ থকাৰ পিচতো চিকিৎসালয়খনত নাই বিদ্যুৎ সেৱা ৷ অন্ধকাৰত দিন কটাব লগীয়া হৈছে ৰোগীয়ে ৷ উৎকট গৰমত চটফটাইছে ৰোগীয়ে (No Electricity in Barpeta Civil Hospital) ৷

চূড়ান্ত গাফিলতিৰে চলিছে বৰপেটা অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনত সকলো সা-সুবিধাই আছে যদিও চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৰোগী তথা ৰোগীৰ অভিভাৱকসকল ৷ কিন্তু তাৰ বিপৰীতে সকলো সুবিধা লাভ কৰি আছে চিকিৎসালয় খনৰ চিকিৎসক-নাৰ্চে ৷ যেন চিকিৎসালয়ৰ সুবিধা ৰোগীৰ বাবে নহয়, কেৱল চিকিৎসক আৰু নাৰ্ছৰ বাবেহে (Barpeta Civil Hospital in Kolgachia) ৷

এইখন চিকিৎসালয়ৰ কৰ্মচাৰীৰ কোঠালিত বিদ্যুৎ সংযোগ থাকে যদিও কোঠালিত নাথাকে কৰ্মচাৰী, কিন্তু কোঠালিত বিদ্যুৎ থকাৰ উপৰিও চলি আছে ফেন ৷ কিন্তু তাৰ বিপৰীতে ৰোগী থকা ৱাৰ্ডসমূহত বিদ্যুতৰ অভাৱত হাহাকাৰ কৰিব লগীয়া গৈছে ৰোগীয়ে ৷ ম'বাইলৰ লাইট জ্বলাই সেই পোহৰতে সময় অতিবাহিত কৰিব লগা হৈছে ৰোগীৰ লগতে ৰোগীৰ অভিভাৱকে ৷ উৎকট গৰমত এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰোগীসকল (Patients scramble at Barpeta Civil Hospital) ৷

প্ৰায় সন্ধিয়াৰ পৰা বিদ্যুৎ সেৱা ব্যাহত হোৱাত চিকিৎসালয়ত ৰোগীয়ে অন্ধকাৰত দিন অতিবাহিত কৰাৰ লগতে চিকিৎসালয়ত এক কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তিনিদিন ধৰি চিকিৎসালয়ৰ ৰোগীৰ কোঠা পৰিস্কাৰ নকৰাৰ অভিযোগ একাংশৰ ৷ চিকিৎসালয়খনত ৬ টাকৈ ডিজি থকাৰ পিচতো বিচনীৰে বতাহ ল’বলগীয়া হৈছে ৰোগীয়ে ৷ এই ক্ষেত্ৰত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজ তথা ৰোগীয়ে ৷ সেয়ে অতি শীঘ্ৰে চিকিৎসালয়খনত ৰোগীসকলক প্ৰয়োজনীয় সুবিধা প্ৰধানৰ দাবী জনাইছে ৰাইজে (No Electricity at Barpeta Civil Hospital in Kalgachia) ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও চিকিৎসালয়খনৰ বিৰুদ্ধে কেইবাবাৰো এনে অভিযোগ উত্থাপন হৈছিল (Barpeta Civil Hospital) ৷

লগতে পঢ়ক: Delhi excise policy case: অৰবিন্দ কেজৰিৱালক 9 ঘণ্টা জেৰা CBIৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.